গোলাঘাট, 12 জুন : ড্ৰাগছৰ মুকলি বেহা গোলাঘাট জিলাত ৷ প্ৰতিদিনে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি গোলাঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ফৰকাটিং ৰেলৱে কলনীৰ সমীপত অভিযান চলাই তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ৷ মহিলা তিনিগৰাকীৰ পৰা আৰক্ষীয়ে ৫৯ হাজাৰ টকাৰ নগদ ধন, ১০ টা ম'বাইল ফোন, ড্ৰাগছ আসক্তই বন্ধকত দিয়া দুখ AS 05K 4492 অপাচি আৰু AS 05L 2952 নম্বৰৰ এভেঞ্জাৰ মটৰচাইকেল আৰু বিভিন্ন সামগ্ৰীৰ ৩০ খনকৈ দলিল জব্দ কৰে ।
ফৰকাটিঙত ব্ৰাউন চুগাৰ, গাঞ্জাসহ আটক তিনিগৰাকী মহিলা - drugs
৩০ খন দলিল, দুখন বাইক, ১০ টা ম'বাইল, নগদ ৫৯ হাজাৰ ধন জব্দ মহিলা তিনিগৰাকীৰ পৰা ।
আৰক্ষীয়ে মহিলা কেইগৰাকীৰ পৰা দুই কিলো গাঞ্জা আৰু ০৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকী ক্ৰমে মিৰফা বেগম, তেওঁৰ বোৱাৰী হাচমা বেগম, কন্যা মুভফিনা বেগম । ইপিনে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী বিক্ৰীত জড়িত মিৰফা বেগমৰ পুত্ৰ মইনা আলি বৰ্তমানেও পলাতক অৱস্থাত আছে ।
উল্লেখযোগ্য যে , দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় কৰি সমাজ খনক ধ্বংসৰ দিশলৈ ঠেলি দিয়া মহিলা কেইগৰাকীয়ে ড্ৰাগছ আসক্তৰ পৰা বন্ধকত ম'বাইল, বাইক আদি সম্পত্তি লৈও ড্ৰাগছ যোগান ধৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।