গোলাঘাট, 22 নৱেম্বৰঃ গোলাঘাটত ট্ৰাক সহ জব্দ 50 লাখ টকাৰ সুৰা ৷ আবকাৰী বিভাগে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰা কঢ়িয়াই অনা ট্ৰাক কেইখন ৷
গোলাঘাটত জব্দ তিনিখন সুৰা ভাৰ্তি ট্ৰাক - গোলাঘাট
গোলাঘাটৰ আবকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলা এক অভিযানত নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী অঞ্চলৰ পৰা জব্দ কৰে তিনিখন কৈ অবৈধ সুৰা ভৰ্তি ট্ৰাক। অৰুণাচলৰ পৰা খটখটি লৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগে ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷
গোলাঘাটত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ অভিযান ৷ গোলাঘাটৰ আবকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত চলা এক অভিযানত নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী অঞ্চলৰ পৰা জব্দ কৰে তিনিখন অবৈধ সুৰা ভৰ্তি ট্ৰাক। জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে UP 23D - 4827 , UP21CN-- 5626 আৰু UP21BN-- 9405 । উল্লেখ্য যে, অৰুণাচলৰ পৰা খটখটি লৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগে ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷ তিনিখন ট্ৰাকত মুঠ 4800 কাৰ্টুন সুৰা কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে ৷ জব্ধ কৰা সুৰাখিনিৰ আনুমানিক মূল্য প্ৰায় 50 লাখ টকা। ইতিমধ্যে তিনিজনক চালকক আটক কৰি উক্ত ঘটনাটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আবকাৰী বিভাগে ৷