অসম

assam

ETV Bharat / state

গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান - গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোলাঘাটত আৰম্ভ ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ৷ প্ৰথম পৰ্যায়ত গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰদান কৰা হ'ল ক'ভিড-19 প্ৰতিষেধক ৷

200 covid warriors vaccinated in golaghat
200 covid warriors vaccinated in golaghat

By

Published : Jan 16, 2021, 4:52 PM IST

গোলাঘাট,16 জানুৱাৰী:সমগ্ৰ দেশতে শনিবাৰৰ পৰা আৰম্ভ হোৱা ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে শনিবাৰৰ দিনটোত গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে গোলাঘাটত মুঠ 200 গৰাকী বিষয়া, চিকিৎসক আৰু কৰ্মচাৰীক সামৰি প্ৰতিষেধক প্ৰদান কৰা হয় ৷

প্ৰথম পৰ্যায়ত গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান

জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত শনিবাৰে এইসকল ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ গোলাঘাট জিলাৰ এই প্ৰতিষেধক প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী উপস্থিত হৈ সকলোকে অনুপ্ৰেৰণা যোগায় ৷

লগতে পঢ়ক:যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details