গোলাঘাট, 30 নৱেম্বৰ : কেন্দ্ৰীয় নেতৃত্বৰ গেৰুৱা প্ৰীতিত ক্ষোভিত হৈ অগপ (অসম গণ পৰিষদ) ৰ পৰা সামূহিক ভাৱে পদত্যাগ খুমটাই সমষ্টিৰ 18 খনকৈ আঞ্চলিক সমিতিৰ ৷ ফলত অগপৰ দূৰ্গ হিচাপে খ্যাত সমষ্টিটোতেই ক্ৰমাৎ নিচিহ্ন হোৱাৰ দিশে আগবাঢ়িছে দলটো ৷ অগপৰ পৰা সামূহিক পদত্যাগৰ কথা সদৰী কৰি অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই কয় যে, সমষ্টিৰ অগপ কৰ্মী সকলৰ সৈতে হোৱা এক আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ গেৰুৱা প্ৰেম-প্ৰীতিয়েই এই সিদ্ধান্তৰ মূল কাৰণ বুলি শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
শইকীয়াই কয় যে গেৰুৱা প্ৰীতিৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত দলীয় কৰ্মীসকল দীৰ্ঘদিনৰ পৰা ক্ষোভিত হৈ আহিছে ৷ সেয়ে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিয়েই খুমটাই সমষ্টিৰ অগপ কৰ্মী সকলে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শইকীয়াই অভিযোগ কৰে যে খুমটাই বিধানসভা সমষ্টি সদায়েই অগপৰ দখলত আছে কিন্তু এইবাৰ খুমটাই বিধানসভা সমষ্টিত অগপই বিজেপি প্ৰাৰ্থীৰ বাবে সমষ্টি এৰি দিব খুজিছে ৷ শইকীয়াই কয় যে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এনে সিদ্ধান্তৰ ফলতেই সমষ্টিটোৰ অগপ কৰ্মী সকলে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷