অসম

assam

ETV Bharat / state

বোকাখাতৰ সীমান্ত হাজৰিকা হত্যাকাণ্ড : ১৬ জনক জেললৈ প্ৰেৰণ - সীমান্ত হাজৰিকাৰ হত্যাকাণ্ড

দীপাৱলীৰ নিশা বোকাখাতত এগৰাকী ব্যৱসায়ীৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত ১৬ জন লোকক কৰায়ত্ত কৰে আৰক্ষীয়ে । এতিয়াও কিন্তু সীমান্ত হাজৰিকাৰ হত্যাকাৰী কোন পোহৰলৈ অহা নাই ৷

Bokakhat murder
বোকাখাতৰ সীমান্ত হাজৰিকা হত্যাকাণ্ড

By

Published : Nov 7, 2021, 1:35 PM IST

Updated : Nov 7, 2021, 5:11 PM IST

বোকাখাত, ৭ নৱেম্বৰ :দীপাৱলীৰ নিশা গোলাঘাট জিলাৰ বোকাখাতত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । সীমান্ত হাজৰিকা নামৰ এগৰাকী ব্যৱসায়ীৰ সৈতে আন এগৰাকী ব্যৱসায়ীৰ মাজত হোৱাৰ কাজিয়াৰ পাছতে ১নং গৰৈমাৰী গাঁৱত উত্তেজনাৰ সৃষ্টি হৈছিল । সীমান্ত হাজৰিকাৰ বাসগৃহত একাংশ লোকে শিলাবৰ্ষণ কৰিছিল ।

বোকাখাতৰ সীমান্ত হাজৰিকা হত্যাকাণ্ড

আনকি ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণ কৰিছিল একাংশ উত্তেজিত লোকে । পাছত গাঁৱখনৰে এঘৰ মানুহৰ পুখুৰীত সীমান্ত হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হৈছিল । সীমান্ত হাজৰিকাক পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এক গোচৰ ৰুজু কৰিছিল ।

অৱশেষত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৬ জন লোকক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীক আক্ৰমণ আৰু শিলাবৰ্ষণ কৰাৰ অভিযোগত লোককেইজনক কৰায়ত্ত কৰা হৈছে । এতিয়াও সীমান্ত হাজৰিকাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আটকাধীন লোক কেইজন হ'ল ক্ৰমে মালিয়া দাস, মাধৱ দাস, ৰঞ্জিত দাস, লালু দাস, সন্তু দাস, পুতুল দাস, নিপেন দাস, মুলুকি দাস, বিতুল দাস, ৰাহুল দাস, অনন্ত দাস, নিতুল দাস, মইনা দাস, বিজু দাস, সোণা দাস আৰু বুধেশ্বৰ দাস ।

শনিবাৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, বোকাখাত থানাৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰা, কমাৰগাঁও আৰক্ষী বিষয়া মিৰেল আহমেদ, দেৰগাঁও আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত মহুৰামুখ ১নং গৰৈমাৰী গাঁৱৰ পৰা লোককেইজনক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষী বিষয়া অনিতা হাজৰিকাই জনোৱা মতে, নিশা বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়ত লোককেইজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আৰু পাছত জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

Last Updated : Nov 7, 2021, 5:11 PM IST

ABOUT THE AUTHOR

...view details