গোলাঘাট, 4 আগষ্টঃসমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ বিভিন্ন অঞ্চলত ইতিমধ্যে হোৰাহোৰে বৃদ্ধি পাইছে কৰণাত আক্ৰান্ত হোৱো লোকৰ সংখ্যা ৷ ইফালে গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত ক'ভিড- 19ৰ আতংকৰ সৃষ্টি হৈছে । ইতিমধ্যে বাগিচাৰ 5 টাকৈ অঞ্চল প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । এতিয়ালৈকে অঞ্চলটোত শিশু মহিলাকে ধৰি 15 জনলৈ বৃদ্ধি পাইছে ক'ভিড 19 প'জিটিভ ৰোগীৰ সংখ্যা ।
উল্লেখযোগ্য যে, নুমলীগড় চাহ বাগিচাৰ এগৰাকী যুৱতীয়ে নুমলীগড় তেল শোধনাগাৰৰ এজন কৰ্মচাৰীৰ ঘৰত বন কৰা হিচাপে কৰ্মৰত আছিল ৷ ইতিমধ্যে শোধনাগাৰ কৰ্মচাৰী জনৰ লগতে পৰিয়ালৰ সকলো লোক ক'ভিড -19 আক্ৰান্ত হৈছিল । কিন্তু ৰহস্যজনকভাবে বনকৰা ছোৱালী জনীয়ে কোনো ক'ভিড পৰীক্ষা নকৰি নুমলীগড় চাহ বাগিচাৰ বৰলাইনৰ নিজা বাসগৃহলৈ ওভতি আহে । তাৰ পিছতেই কৰ'ণাত আক্ৰান্ত গৰাকীৰ সংস্পৰ্শলৈ অহা বহু লোকৰ দেহত সংক্ৰমন হৈছে ক'ভিড- 19 ।