দেৰগাঁৱত চৰকাৰী বিদ্যালয়ৰ সফলতা - চৰকাৰী বিদ্যালয়
কলা ,বিজ্ঞান আৰু বৃত্তিমূলক শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা
দেৰগাঁও , 25 মে' : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কলা ,বিজ্ঞান আৰু বৃত্তিমূলক শাখাত 100% উত্তীৰ্ণৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সফলতা ৷ তিনিওটা শাখাতে 100% উত্তীৰ্ণৰে জিলাখনৰ ভিতৰতে গৌৰৱ কঢ়িয়াইছে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ কলা শাখাত ৯১গৰাকী ,বিজ্ঞান শাখাত ১১ আৰু বাণিজ্য শাখাত অৱতীৰ্ন হোৱা ৬ গৰাকী পৰীক্ষাৰ্থীসকলৰ 100% ই উত্তীৰ্ণ হয় পৰীক্ষাত ৷ বিদ্যালয়খনে প্ৰতিষ্ঠা কালৰে পৰা বহু অসুবিধাৰ মাজেৰে আগবাঢ়ি গৈ এনেদৰে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ অধ্যক্ষ অনুপ বৰঠাকুৰৰ দক্ষতাক সকলোৱে শলাগ লয় । আনহাতে বিজ্ঞান শাখাৰ পৰীক্ষাগাৰ উচ্চ পৰ্যায়ৰ নোহোৱাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ পৰীক্ষাসমূহ কৰাত দীৰ্ঘদিন ধৰি বাধাৰ সন্মুখীন হৈ আহিছে । আজিৰ এই ফলাফল ঘোষণাৰ পাচতেই স্থানীয় সচতেন ৰাইজে এই বিষয়ত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ।