গোৱালপাৰা,29 অক্টোবৰ:সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত HDFC,AJOGOR আৰু BANDHAN বেংকসমূহে মহিলা গোটৰ মাজত ঋণ প্ৰদান কৰি আহিছে । মহিলা সকলেও বেংক সমূহৰ পৰা ঋণ লৈ বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছিল,কিন্তু মহামাৰী কৰ'ণাৰ বাবে চৰকাৰে হঠাৎ লক ডাউন ঘোষণা কৰাত ঋণগ্ৰস্ত লোকসকলৰ মাজত নামি আহিছিল ঘোৰ অমানিশা। সকলো ব্যৱসায় বন্ধ হৈ পৰাত বেংক সমূহৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাত এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছে বেংক সমূহৰ কৰ্মচাৰীয়ে ।
গোৱালপাৰা মৰিযম নগৰত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ - ঘোৰ অমানিশা
গোৱালপাৰাত HDFC,AJOGOR আৰু BANDHAN বেংকৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ ৷ ঋণ ৰেহাই দিয়াৰ দাবীত ক্ষুব্ধ হৈ পৰে মহিলাসকল ৷ গোৱালপাৰা জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিও কোনো সঁহাৰি নাপালে ঋণগ্ৰস্ত মহিলাই ৷
মহিলা সকলক নানান ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি ঋণ আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰাত মহিলা সকলে ক্ষুব্ধ হৈ পৰিছে ৷ ক্ষোভিত মহিলা সকলে চহৰ খনৰ মৰিযম নগৰত বেংক সমূহৰ বিৰুদ্ধে ঋণ মাফ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।এই বিষয়ক লৈ ইতিমধ্যে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল যদিও আজি লৈ কোনো সহাৰি নোপোৱাত মহিলা সকলে ক্ষুব্ধ হৈ পৰে। লক ডাউনত ব্যৱসায়ী সকল সৰ্বস্বান্ত হৈ পৰাত বেংক সমূহৰ ঋণ আদায় দিব নোৱাৰিব বুলি ঠিৰাং কৰিছে মহিলা গোট সমূহে । সেয়েহে অতি শীঘ্ৰে মহিলা সকলৰ বেংকৰ ঋণ সমূহ ৰেহাই দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে ৷ অন্যথা ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে মহিলা গোট সমূহে ।
লগতে পঢ়ক:কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ