গোৱালপাৰা,21 মাৰ্চ: বকোত মৰেল পুলিচিঙৰ তাণ্ডৱ ৷ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে মহিলাগৰাকীক মাৰধৰ গাঁৱৰ একাংশ মহিলাৰ ৷
এগৰাকী মহিলাক লৈ বকোত উত্তপ্ত পৰিস্থিতি ৷ বকোৰ যোগীপাৰাৰ এগৰাকী মহিলাই পৰপুৰুষৰ লগত পলাই গৈ প্ৰায় 6 মাহ পাচত পুনৰ স্বামীগৃহত উপস্থিত হোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
এবাৰ,দুবাৰ নহয়, তিনিবাৰকৈ পৰপুৰুষৰ লগত মহিলা গৰাকী পলাই গৈছিল বুলি অভিযোগ উত্থাপন কৰে গাঁৱৰ একাংশ মহিলাই ৷ গাঁওবাসীৰ সন্মুখতে অভিযুক্ত মহিলাগৰাকীক চৰ-ভুকু সোধালে একাংশ মহিলাই ৷ সেয়েহে মহিলাগৰাকীক গাঁৱৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় গাঁওবাসীয়ে ।
স্বয়ম্ভূ বিচাৰপতিৰ ভূমিকা লৈ শাস্তি বিহিলে মহিলা গৰাকীক । কেৱল এয়াই নহয়, অভিযুক্ত মহিলাগৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়াৰো ভাবুকি দিয়ে এগৰাকী মহিলাই । লগতে নিশাই সন্তান আৰু স্বামী সহ মহিলা গৰাকীক গতাই দিয়ে মন্দিৰা আৰক্ষীক।