গোৱালপাৰা, 27 এপ্ৰিল: গোৱালপাৰা ৰাজমিতাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout in Goalpara) ৷ বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় ৷ ইয়াৰোপৰি এই অগ্নিকাণ্ডত এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হয় (Woman burnt to death in Goalpara)৷ মৃত মহিলাগৰাকীৰ নাম ছকিনা খাতুন(৪৫) বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত লক্ষীপুৰ থানাৰ অন্তৰ্গত ৰাজমিতাৰ জিঞ্জিৰামপাৰা গাঁৱৰ এগৰাকী মহিলাই অন্য দিনাৰ দৰেই খাদ্য ৰান্ধি আছিল ৷ কিন্তু দিন বেয়া আছিল মহিলাগৰাকীৰ ৷ আজি পাকঘৰত ৰান্ধি থকা অৱস্থাতেই হঠাৎ জুই লাগে ৷ লগে লগে মহিলাগৰাকীয়ে পাকঘৰৰ ভিতৰৰ পৰা জুই জুই বুলি চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে চাইহি মানে জুইৰ লেলিহান শিখাই পাকঘৰটো আৱৰি ধৰে (Woman death in Goalpara) ৷ পৰিয়ালৰ লোকে জুই দেখি হুলস্থুল কৰি ওচৰ চুবুৰীয়াক মাতি জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ যদিও ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা মহিলাগৰাকী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় (Fire breakout incident) ৷