অসম

assam

ETV Bharat / state

Wild Elephant Menace in Goalpara: গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস

গোৱালপাৰাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস(Wild Elephant Menace in Goalpara) ৷ শুকুৰবাৰৰ নিশা প্ৰায় 50 টা বন্যহস্তীৰ এটা জাকে খলেপাৰাৰ ধাননি পথাৰত প্ৰৱেশ কৰি বৃহৎ ভূমিৰ শালিধান খাই গচকি তহিলং কৰে । বন বিভাগৰ লোকো ব্যৰ্থ হৈছে বন্যহস্তীৰ জাকটোক খেদি পঠোৱাত ৷

Wild Elephant Menace in Goalpara
গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস

By

Published : Oct 22, 2022, 11:14 AM IST

নিউজ ডেস্ক, 22 অক্টোবৰ:গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস(Wild Elephant Menace in Goalpara) । বিগত কেইবাদিন ধৰি বন্যহস্তীৰ এটা বৃহৎ জাকে ৰংজুলিৰ ঘাগ্ৰা পাহাৰত আশ্ৰয় গ্ৰহণ কৰি ওচৰ-পাজৰৰ কেইবাখন গাঁৱত উপদ্ৰৱ চলাই নিদ্ৰাহৰণ কৰিছে গাঁওবাসীৰ । জানিব পৰা মতে, ঘাগ্ৰা পাহাৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় 50 টা বন্যহস্তীৰ এই জাকটো সন্ধিয়া হ’লেই নামি আহি শালিধান খাই, গচকি তহিলং কৰে ।

গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস

বিগত প্ৰায় দুই তিনিদিন ধৰি হাতীৰ জাকটোৱে ঘাগ্ৰা আৰু বনগাঁও পথাৰত সন্ত্ৰাস চলোৱাৰ পিছত শুকুৰবাৰৰ নিশা খলেপাৰাৰ ধাননি পথাৰত প্ৰৱেশ কৰে ৷ বন্যহস্তীৰ জাকটোৱে বৃহৎ ভূমিৰ শালিধান খাই গচকি তহিলং কৰে । বন্যহস্তীৰ জাকটোৰ উপদ্ৰৱত উপায়ন্ত হৈ সন্ধিয়া হোৱাৰ লগে লগে খলেপাৰা গাঁৱৰ একাংশ লোকে হাতে হাতে লাঠি, জোং লৈ বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও ব্যৰ্থ হৈছে ।

হাতীৰ জাকটো নিশা খলেপাৰা পথাৰত প্ৰৱেশ কৰাৰ পাছতেই স্থানীয় লোকে জুই জ্বলাই, ফটকা ফুটাই খেদি পঠাবলৈ উজাগৰী নিশা কটাবলগীয়া হৈছে(Man elephant conflict in Goalpara) ৷ আনহাতে বন্যহস্তীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত ৰংজুলি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে ৷ বন্যহস্তীৰ জাকটো পথাৰত নামিলে খেদি পঠোৱাত ব্যৰ্থ হয় বন বিষয়া-কৰ্মচাৰী ৷

ইপিনে বন্যহস্তীয়ে খেতি পথাৰ তহিলং কৰাত আতংকিত হৈ পৰিছে খলেপাৰা গাঁৱৰ লগতে সমীপৱৰ্তী বনগাঁও, টিপলাই, কুহিয়াৰবাৰী আদি অঞ্চলৰ লোকসকল । বৃহত্তৰ অঞ্চলটোত বন্যহস্তীৰ জাকে দৈনিক সন্ত্ৰাস চলাই আতংকৰ সৃষ্টি কৰাৰ মাজতে বিদ্যুৎ বিভাগে অঞ্চলটোত সঘন বিদ্যুৎ কৰ্তন কৰাক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে । বন্যহস্তীৰ ধাৰাবাহিক উপদ্ৰৱ চলি থকাৰ সময়চোৱাত ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমূহত বিদ্যুৎ কৰ্তন নকৰিবলৈ স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক অনুৰোধ জনাইছে ।

আনহাতে বন্যহস্তীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত ৰংজুলি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ(Rongjuli Range Forest Office) বিষয়া-কৰ্মচাৰীসকল ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে ৷ বন্যহস্তীৰ জাকটো পথাৰত নামিলে খেদি পঠোৱাত ব্যৰ্থ হয় বন বিষয়া-কৰ্মচাৰী ৷

লগতে পঢ়ক:বন বিভাগৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল ছটাকৈ বন্য হস্তীৰ

ABOUT THE AUTHOR

...view details