অসম

assam

ETV Bharat / state

পথাৰৰ পানী খাই জীৱন-নিৰ্বাহ কৰা এখন গাঁও; ক'ত আছে এই গাঁও? - খোৱাপানী

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গোৱালপাৰা জিলাৰ টিপলাই কুঁহিয়াৰ বাসীয়ে

DFVF

By

Published : Mar 5, 2019, 4:44 PM IST

নিউজ ডেস্ক, গোৱালপাৰা, ৫ মাৰ্চ: এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গোৱালপাৰা জিলাৰ টিপলাই কুঁহিয়াৰ বাসীয়ে । পথাৰৰ পানীয়েই এতিয়া একমাত্ৰ ভৰষা অঞ্চলবাসীৰ বাবে ।

প্ৰতি বছৰে মাঘ মাহৰ পৰা আৰম্ভ হয় পানীৰ অভাৱ । অঞ্চলটোৰ ভূ-পৃষ্ঠৰ পানী শুকাই যোৱাৰ ফলত টিউৱেলেৰে নোলোৱা হয় পানী । পৰিণতিত ইলেক্ট্ৰনিক মটৰ পাম্পৰ সহায়ত পথাৰৰ পৰা পানী আনিবলগীয়া হয় গাওঁবাসীয়ে । দীৰ্ঘদিন বৰষুণৰ নোহোৱাৰ ফলতেই এইদৰে ভয়ংকৰ জলসংকটত ভোগে অঞ্চলবাসীয়ে । এনে পৰিস্থিতিত জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ অঞ্চলটোত অব্যাহত থাকে ভীষন জলসংকট ।

জলসংকটত হাহাকাৰ গোৱালপাৰৰ টিপলাই বাসীৰ।

জিলাখনৰ টিপলাই পঞ্চায়তৰ পথাৰে পথাৰে বহুওৱা পাৱাৰ পাম্পসমূহেই অঞ্চবাসীৰ বাবে হৈ পৰে পানীৰ একমাত্ৰ উৎস । পথাৰত পানী দিয়া আৰম্ভ কৰিলেই গাঁওৰ মহিলা সকলে হাতে হাতে কলহ, বাল্টি লৈ পথাৰৰ পৰা পানী সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে ।

অৱশ্যে অঞ্চলটোৰ জলসংকট দূৰ কৰাৰ বাবে পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছে যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই আঁচনিৰ কাম । পানী যোগান প্ৰকল্পটো সক্ৰিয় হ'লেই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলি আশাবাদী লোকসকল।

ABOUT THE AUTHOR

...view details