অসম

assam

ETV Bharat / state

মধ্যভোগীৰ চৰম প্ৰতাৰণাৰ বলি কৃষক : পাচলিৰ উচিত মূল্য নাপায় বিপদত ৰাজ্যৰ কৃষক - পাচলিৰ উচিত বজাৰ মূল্য

হোৰা হোৰে কমিছে পাচলিৰ মূল্য। অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবেই এনে অৱস্থা। হাহাকাৰ কৰিছে কৃষক সকল । বজাৰৰ পৰা ক্ৰয় কৰা পাচলি গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য বজাৰ সমূহলৈ লৈ গৈ প্ৰায় প্ৰতি কেজি বেঙেনা ৩৫ ৰ পৰা ৫০ টকা, বিলাহী ৭০ৰ পৰা ৯০ টকা, ফুলকবি ৫০ৰ পৰা ৬০ টকাকৈ বিক্ৰী কৰা হয়।

গোৱালপাৰা
পাচলিৰ উচিত মূল্য নাপাই বিপদত কৃষকসমাজ

By

Published : Dec 5, 2019, 7:27 PM IST

গোৱালপাৰা, 5 ডিচেম্বৰ:এফালে পিয়াঁজৰ মূল্যই চেঞ্চুৰী পাৰ কৰিছে। আনফালে উৎপাদিত পাচলিৰ উচিত বজাৰ মূল্য নাপাই মূৰে কপালে হাত দিছে কৃষকসকলে । নামনি অসমৰ গোৱালপাৰাৰ নৱাগত শিমলীতোলা বজাৰত বিক্ৰীৰ বাবে অনা পাচলিৰ উচিত বজাৰ মূল্য নাপাই বিপদত পৰিছে কৃষকসকল। কৃষকৰ ভাষ্য অনুসৰি বজাৰখনত নিতৌ কৃষকসকলে হাজাৰ হাজাৰ কুইন্টল বেঙেনা, কবি, গাজৰ, বিলাহী, জলকীয়া, মূলা বিক্ৰীৰ বাবে আনে । বিশেষকৈ বজাৰত অহা অধিকাংশ পাচলি আহে দক্ষিণ বৰপেটাৰ পৰা। কিন্তু বিগত সপ্তাহত পাচলিৰ বজাৰ মূল্য অত্যাধিক হ্ৰাস হোৱাত লোকচানৰ সন্মুখীন হৈছে কৃষক সকল।

লগতে পঢ়ক: চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

বজাৰখনত প্ৰতি কুইন্টল বেঙেনা ৫০০ টকা, ফুলকবি ১২০০ টকা, বিলাহী ১৮০০ টকা, জলকীয়া ২০০০ টকাত বিক্ৰী হৈছে। অথচ ১০ দিন পূৰ্বে একে পাচলিৰ পাইকাৰী বজাৰ মূল্য আছিল প্ৰায় দুগুণ। তথ্য অনুসৰি, বজাৰৰ পৰা ক্ৰয় কৰা পাচলি গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য বজাৰ সমূহলৈ লৈ গৈ প্ৰায় প্ৰতি কেজি বেঙেনা ৩৫ ৰ পৰা ৫০ টকা, বিলাহী ৭০ৰ পৰা ৯০ টকা, ফুলকবি ৫০ৰ পৰা ৬০ টকাকৈ বিক্ৰী কৰা হয়।

উল্লেখ্য যে, শিমলীতোলাৰ দৰে বজাৰসমূহৰ পৰা ক্ৰয় কৰা পাচলি সমূহ গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ বজাৰ সমূহলৈ নিওঁতে ব্যৱসায়ী সকলে ভৰিব লাগে গুণ্ডা কৰ। গুৱাহাটীলৈ যোৱা পথত ব্যৱসায়ী সকলে বিভিন্ন ঠাইত আৰক্ষীক দিব লাগে ধন। প্ৰতিখন বাহনৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰে নিৰ্দিষ্ট পৰিমাণৰ ধন। এয়া আমাৰ অভিযোগ নহয়, এই বিষয়ত কি কয় ব্যৱসায়ী সকলৰ মুখেৰেই শুনক ৷

পাচলিৰ উচিত মূল্য নাপাই বিপদত কৃষকসমাজ

ABOUT THE AUTHOR

...view details