গোৱালপাৰা, 29 জুলাইঃ বুধবাৰে গোৱালপাৰা বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষশনীত ভাই ভাই NGO তৰফৰ দুখীয়া ৰাইজৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ৷ ঈদ উপলক্ষে ভাই ভাই নামৰ স্বেচ্চাসেৱী সংগঠনটোৱে গ্ৰহণ কৰে এই পদক্ষেপ ৷ সংগঠনটোৰ ফালৰ পৰা প্ৰায় 100 গৰাকী দৰিদ্ৰ মহিলাৰ মাজত বিতৰণ কৰা হয় বস্ত্ৰ ৷
বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়িত কৰে ভাই ভাই স্বেচ্চাসেৱী সংগঠনৰ সভাপতি সাইজুদ্দিন আহমেদ,সম্পাদক ছাহাদত ইছলাম লগতে সংস্থাটোৰ সদস্য সকলে ৷