অসম

assam

ETV Bharat / state

Ayurvedic Hospital at Dudhnoi : দুধনৈত 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Ayurvedic Hospital at Dudhnoi

দুধনৈত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় ৷ আয়ুৰ্বেদিক চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Ayurvedic Hospital at Dudhnoi
আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:42 PM IST

50 খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন

গোৱালপাৰা, 2 নৱেম্বৰ : গোৱলপাৰা জিলাৰ চিকিৎসা খণ্ডত বৃহস্পতিবাৰে সংযোজন হ’ল এক নতুন চিকিৎসালয় ৷ গোৱালপাৰা জিলাৰ দুধনৈত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় 50 খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় ৷ আয়ুৰ্বেদিক চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয় তথা জাহাজ, বন্দৰ আৰু জলপৰিবহন বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

2017 চনতে এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৷ দুবছৰৰ ভিতৰত এই চিকিৎসালয়খনক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খন উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে হাজাৰ বছৰ পুৰণি পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ জৰিয়তে ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিৎসাক বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে এই চিকিৎসালয়খনে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব ৷ দেশত আয়ুৰ্বেদিক চিকিৎসাক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত এই চিকিৎসালয়খনে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি কয় মন্ত্ৰী সোণোৱালে ৷

তেওঁ কয় যে, অসমৰ জালুকবাৰীত 75 বছৰ পূৰ্বে আয়ুৰ্বেদিক চিকিৎসালয় স্থাপন হৈছিল ৷ বিগত 75 টা বছৰ পিচত বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ দুধনৈত দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন হ’ল ৷

চিকিৎসালয়খন শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক ধন্যবাদ জ্ঞাপন কৰে ৷

এই শুভ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা, দুধনৈ সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰী, গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে ৰাজ্য চৰকাৰৰ আন কেইবাগৰাকী উচ্চ পদস্থ বিষয়া, বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :ED summons Kejriwal: I.N.D.I.A. ৰ শক্তি দেখি আজি বিজেপি কম্পমান: অপূৰ্ব ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details