অসম

assam

ETV Bharat / state

গোৱালপাৰা আৰক্ষীৰ জালত দুই অপহৰণকাৰী - জেল হাজতলৈ প্ৰেৰণ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ । জেল হাজতলৈ প্ৰেৰণ দুই অপহৰণকাৰীক ।

গোৱালপাৰা আৰক্ষীৰ জালত দুই অপহৰণকাৰী
গোৱালপাৰা আৰক্ষীৰ জালত দুই অপহৰণকাৰী

By

Published : Mar 4, 2021, 5:42 PM IST

গোৱালপাৰা, ৪ মাৰ্চ: গোৱালপাৰা আৰক্ষীৰ জালত অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰী । যোৱা ২৩ ফেব্ৰুৱাৰীত জিলাখনৰ কুকুৰকটা আৰক্ষী চকীৰ অন্তৰ্গত কাছুমাৰীৰ পৰা এগৰাকী ব্যৱসায়ীক অপহৰণৰ ঘটনাত জড়িত দুই অপহৰণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

গোৱালপাৰা আৰক্ষীৰ জালত দুই অপহৰণকাৰী

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা সীমান্তৱৰ্তী অঞ্চলত এনে ঘটনা বৃদ্ধি পাই আহিছে । আৰক্ষীয়ে অপহৃত নিৰঞ্জন সাহাক উদ্ধাৰৰ পাচতে অপহৰণকাৰী দলটোৰ সন্ধানত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ অভিযান চলাই অৱশেষত মুন্ন মাৰাক আৰু কাচিম আলী নামৰ দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুন্ন মাৰাকৰ ঘৰ মাদাপাৰা আৰু কাচিম আলীৰ ঘৰ ছয়গাৱঁত ৷ ইতিমধ্যে দুয়োজন কেইবাটাও অপহৰণৰ ঘটনাৰে জড়িত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁৱত যাত্ৰীবাহী বাছত উদ্ধাৰ মাৰণাস্ত্ৰ

ABOUT THE AUTHOR

...view details