গোৱালপাৰা, 2 জুন : সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ সেই অনুপাতে গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ বিভিন্ন স্থানত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে দুধনৈ আৰক্ষীয়ে ৷ সৰবৰাহকাৰী দুটাৰ পৰা ড্ৰাগছ সহ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷
দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত দুধনৈৰ ধনজিৎ ব্ৰহ্ম (27) আৰু ৰাজু ভদ্ৰা (28) নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সৰবৰাহকাৰী দুটাৰ পৰা নগদ ৭,৫০০ টকা সহ ১৪.১৫ গ্ৰাম ড্ৰাগছ আৰু ছিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে ৷