বকো, 25 আগষ্টঃ গোৱালপাৰা জিলাৰ ধূপধৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এ-এছ-০১-এইছ-চি-৯০৬৬ নম্বৰৰ চেম্পিয়ন নামৰ বাছ আৰু এ-এছ-০১-ডি-এফ-৩৮৬১ নম্বৰৰ ছুইফট ডিজায়াৰৰ মাজত মূখামূখি সংঘৰ্ষ সংঘটিত হয় । দুৰ্ঘটনাত পতিত ছুইফট ডিজায়াৰ খনত থকা দুইগৰাকী আৰোহীক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷ মৃত ব্যক্ত দুগৰাকী বিজু শৰ্মা আৰু ডালিম কলিতা বুলি জানিব পৰা গৈছে ।
ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই
ৰংজুলিত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ অৱস্থাতে মৃত্যু হয় দুয়োগৰাকী আৰোহীৰ ।
গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
উল্লেখযোগ্য যে, ৰংজুলিত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ অৱস্থাতে মৃত্যু হয় বিজু শৰ্মাৰ । নিহত বিজু শৰ্মা গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ লগতে গোৱালপাৰা জিলা বিজেপিৰ আই টি চেলৰ মূখ্য আহ্বায়ক আছিল । দুয়োগৰাকী ব্যক্তিৰ মৃত্যুত গোৱালপাৰাত গভীৰ শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়কঃলক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ