অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ দুই ভাতৃৰ সাফল্যৰ কাহিনী!! - মেগা ইভেণ্ট খেলো ইণ্ডিয়া

মেগা ইভেণ্ট খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আনিছে নগৰবেৰাৰ এক অখ্যাত গাঁৱৰ দুজন সহোদৰ ভাতৃয়ে । যুৱক দুজন হৈছে নগৰবেৰাৰ পৰা প্ৰায় ১০ কিল’মিটাৰ দূৰত্বত অৱস্থিত পিছপৰা গাঁও ৰূপহাৰাৰ নুৰ আলম আৰু ভাতৃ আব্দুল কৰিম ৷

খেলো ইণ্ডিয়া
খেলো ইণ্ডিয়াত সাফল্য

By

Published : Jan 16, 2020, 7:10 PM IST

গোৱালপাৰা,16 জানুৱাৰীঃ মহানগৰীত অনুষ্ঠিত হৈ থকা মেগা ইভেণ্ট খেলো ইণ্ডিয়াৰ বৃহস্পতিবাৰে সপ্তম দিন ৷ বৃহত্তম ক্ৰীড়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আনিছে নগৰবেৰাৰ এক অখ্যাত গাঁৱৰ দুজন সহোদৰ ভাতৃয়ে। যুৱক দুজন হৈছে নগৰবেৰাৰ পৰা প্ৰায় ১০ কিল’মিটাৰ দূৰত্বত অৱস্থিত পিছপৰা গাঁও ৰূপহাৰাৰ নুৰ আলম আৰু ভাতৃ আব্দুল কৰিম ৷

খেলো ইণ্ডিয়াত সাফল্য

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰ আলম পেচাত এজন দৰ্জী ৷ দৈনন্দিন কামৰ মাজতে সময় উলিয়াই নুৰ আলমে নিয়মিতভাৱে খেলিছিল ভলীবল । গাঁওৰ সাধাৰণ টিমৰ পৰা এদিন মিৰ্জালৈ খেলিবলৈ গৈ ৰেফাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় যুৱকজন। ইয়াৰ পৰাই আৰম্ভ হয় যুৱকজনৰ সফলতাৰ যাত্ৰা। অসম বিদ্যুৎ পৰিষদৰ হৈ খেলা নুৰ আলমৰ পথ অনুসৰণ কৰি ভাতৃ আব্দুল কৰিমেও আৰম্ভ কৰে ভলীবলত সাফল্যৰ যাত্ৰা ।

দীৰ্ঘ সময়ৰ অন্তত কষ্টৰ ফল লাভ কৰে দুই ভাতৃয়ে ৷ সম্প্ৰতি খেলো ইণ্ডিয়াৰ ২১ বছৰ অনুৰ্ধৰ ভলীবল টিমক অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে দুই ভাতৃয়ে। দুয়োগৰাকী ভাতৃৰ এনে সফলতাত এতিয়া উৎফুল্লিত পৰিয়াল তথা গাঁওবাসী। ইতিমধ্যে দুই ভাতৃক বিভিন্ন দল-সংগঠনে সফলতাৰ বাবে আদৰণি জনাইছে । স্থানীয় ৰাইজে পৰিয়ালটোৰ দৰিদ্ৰ অৱস্থাৰ প্ৰতি সুদৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ যাতে আগন্তুক দিনত দুই ভাতৃয়ে নিজৰ কেৰিয়াৰত অধিক সাফল্য অৰ্জন কৰিব পাৰে ৷

লগতে চাওকঃখেল’ ইণ্ডিয়াৰ ষষ্ঠদিনত অসমলৈ তিনিটা স্বৰ্ণ পদক

ABOUT THE AUTHOR

...view details