অসম

assam

ETV Bharat / state

Rongali Bihu 2023: কুৰুৱাভাষা কৃষকজ্যোতি সংঘৰ ৰঙালী বিহু - Rongali Bihu at Goalpara

হেঁপাহৰ ৰঙালী বিহুৰ উন্মাদনাত তথা ৰঙালীৰ ৰঙত বুৰ গৈছে ৰাজ্যবাসী (Rongali Bihu in Goalpara)। গোৱালপাৰাতো পালন কৰা হৈছে অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহু । এই উপলক্ষে পৰম্পৰাগত খেল-ধেমালি সম্পন্ন ।

Rangali Bihu of Kuruwabhasha Krishakjyoti Sangha
ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী

By

Published : Apr 16, 2023, 10:05 PM IST

ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী

গোৱালপাৰা, ১৬ এপ্ৰিল: বাপতি সাহোন ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী (Rongali Bihu in Assam)। ঢোলৰ গুমগুমনি, পেঁপাৰ লহৰত কঁপি উঠিছে ৰাজ্য । চুবুৰীয়ে চুবুৰীয়ে শুনিবলৈ পোৱা গৈছে কেৱল বিহুনাম । অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ বাবে ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি অহা ৰঙালী বিহু আন ঠাইৰ লগতে গোৱালপাৰাতো পালন কৰা হৈছে । এই উপলক্ষে আয়োজন কৰা হয় পৰম্পৰাগত খেল-ধেমালি (Traditional game in Rongali Bihu)।

গোৱালপাৰা কুৰুৱাভাষা কৃষকজ্যোতি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন কৰা হয় (Rangali Bihu of Kuruwabhasha Krishakjyoti Sangha)। ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় জনজাতীয় পৰম্পৰাগত পুৰুষ-মহিলাৰ 'লেৱা টনা' খেল । প্ৰতিবছৰৰ দৰে এইবেলিও গোৱালপাৰা চহৰৰ উপকণ্ঠ কুৰুৱাভাষাত পালন কৰা হয় বাপতি সাহোন ৰঙালী বিহু (Rongali Bihu at Goalpara)। কুৰুৱাভাষা কৃষকজ্যোতি সংঘৰ সৌজন্যত এক ব'হাগৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হৈছে ।

এক ব'হাগৰ পুৱা আঠ বজাত বিহু পতাকা উত্তোলনেৰে সন্মিলনীৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । পতাকা উত্তোলন কৰে বাইদামবুড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ ৰাভাই । ইয়াৰ পিচতেই স্থানীয় গাঁওবুঢ়া ৰাকেশ ৰাভাই স্মৃতি তৰ্পণ কৰে । পুৱা ৯ বজাৰ পৰা শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতামূল খেল-ধেমালি অনুষ্ঠিত হয় । দুই বজাত অনুষ্ঠিত হয় চেমনীয়া প্ৰতিযোগিতা । সন্ধিয়া ৭ বজাত আমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

আজি দুই ব'হাগৰ শেষ কাৰ্যসূচী অনুসৰি ১০ বজাত কালি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰা হয় । দুই বজাৰ পৰা আৰম্ভ হয় জনজাতীয় পৰম্পৰাগত তথা 'লেৱা টনা' খেলৰ প্ৰতিযোগিতা । এই খেল পুৰুষ আৰু মহিলা দলৰ মাজত সুকীয়াকৈ অনুষ্ঠিত হয় ।

লগতে পঢ়ক:3 Congress leaders on one stage: বৰাকৰ ৰাজনীতিত ধুমুহা; এখন মঞ্চত দেখা গ’ল অভিজিত, কমলাক্ষ্য আৰু খলিলক

ABOUT THE AUTHOR

...view details