অসম

assam

ETV Bharat / state

গোৱালপাৰা লক্ষীপুৰত 47 খন বিদ্যালয়লৈ সামগ্ৰী বিতৰণ - Toys distributed among 47 schools in lakhipur of Goalpara

শিশুৰ শৈক্ষিক আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি ৰাজ্যৰ শিক্ষা বিভাগে ন-ন আঁচনি গ্ৰহণ কৰিছে ৷ শুকুৰবাৰে এখন সভাৰ জৰিয়তে লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত 47 খন 'ক' শ্ৰেণী থকা বিদ্যালয়লৈ বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হয় ৷

toys-distributed-among-47-schools-in-lakhipur-of-goalpara-under-ssa
গোৱালপাৰা লক্ষীপুৰত 47 খন বিদ্যালয়লৈ 'ক' শ্ৰেণীৰ সামগ্ৰী বিতৰণ

By

Published : Sep 10, 2021, 9:10 PM IST

গোৱালপাৰা,10 ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে এখন সভাৰ জৰিয়তে লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত 47 খন 'ক' শ্ৰেণী থকা বিদ্যালয়লৈ বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হয় ৷ লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমল ব্যক্তি ছফিয়ৰ ৰহমানে ৷ সভাত উপস্থিত থাকে গোৱালপাৰা জিলাৰ সৰ্বশিক্ষা অভিযানৰ 'ক' শ্ৰেণীৰ আৰু আই ই বিভাগৰ জিলা আঁচনি বিষয়া ৰহিমা খাতুন ৷

গোৱালপাৰা লক্ষীপুৰত 47 খন বিদ্যালয়লৈ 'ক' শ্ৰেণীৰ সামগ্ৰী বিতৰণ

বিষয়া গৰাকীয়ে সামগ্ৰী বিতৰণী সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, "খেলৰ মাধ্যমত শৈক্ষিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰঙীন টেবল, আখৰ যুক্ত খেলনা, ৰঙচঙীয়া খেলৰ সামগ্ৰী, বহা পাটী, কিতাপ ৰখা আলমিৰা আদি সামগ্ৰীৰ জৰিয়তে আকৰ্ষিত হৈ কণ কণ শিশুৱে খেলিব পাৰিব আৰু শিকিব পাৰিব ৷" লগতে শিশুৰ শৈক্ষিক আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ উপস্থিত শিক্ষক সকলক আহ্বান জনাই ৰহিমা খাতুনে ৷

ইয়াৰ উপৰি চৰকাৰে প্ৰদান কৰা সামগ্ৰী সমূহৰ সঠিক ব্যাৱহাৰতো চকু দিবলৈ শিক্ষক সকলক আহ্বান জনায় আঁচনি বিষয়া ৰহিমা খাতুনে ৷

আনহাতে, শিক্ষা বিষয়া দেৱানন্দ বড়োৱে ভাষণ প্ৰসংগত কয় যে, "'ক' শ্ৰেণীৰ শিশুৰ বাবে চৰকাৰে আগবঢ়োৱা সামগ্ৰী সমূহৰ দ্বাৰা কণ কণ লৰা ছোৱালীৰ যথেষ্ট উপকাৰ হ'ব ৷ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতি সন্দৰ্ভত শিক্ষক সকলে জানিব লাগিব আৰু শিক্ষক সকলে নতুন শিক্ষা নীতিৰ মুখামুখী হ’বলৈ মানসিকভাবে প্ৰস্তুত হ'ব লাগিব ৷"

লগতে পঢ়কঃমাজুলীক লৈ উচটনিমূলক মন্তব্য নিদিবলৈ ভূপেন বৰাক সকীয়নি লক্ষ্য কোঁৱৰৰ

ABOUT THE AUTHOR

...view details