অসম

assam

By

Published : Mar 3, 2022, 11:01 AM IST

ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

উজনিত পুনৰ আত্মসমৰ্পণ আলফা সদস্যৰ

আত্মসমৰ্পণকাৰী আলফা সদস্যজন(ULFA I Cadre Surrender) তিনিচুকীয়াৰ হাতীগড় গাঁৱৰ ধুনী অসম বুলি জানিব পৰা হৈছে ৷ আত্মসমৰ্পণৰ সময়ত আলফা সদস্যজনে এটা AK47 আৰু এটা হেণ্ড গ্ৰেণেড আৰক্ষীক জমা দিয়ে ৷

Baduli Khurung mela 2022: আজিৰে পৰা আৰম্ভ ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা

বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা (Baduli Khurung mela 2022) ৷ নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয় । ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে বাদুলি খোৰোং নামৰ এই বিস্ময়কৰ গুহাটো ।

Chief Minister Yogi Adityanath casts his vote : 80 শতাংশ আসনত জয়লাভৰ দাবী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায় (UP Assembly Election 2022) ৰ ভোটদান বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পুৱা প্ৰায় ৭ বজাতে ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত (CM Yogi Adityanath casts his vote) কৰে । ভোটগ্ৰহণৰ পূৰ্বে তেওঁ গোৰখনাথ মন্দিৰত উপস্থিত হৈ দলৰ জয়লাভৰ বাবে প্ৰাৰ্থনা কৰে ৷

Automatic Coach Washing Plant: উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা

কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি (NFR inaugurates automatic coach washing plant in Guwahati) । এই প্লান্টে প্ৰতিটো ডবা পৰিস্কাৰকৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব । প্ৰতিদিনে পৰিষ্কাৰ কৰিব ৩০০ ৰ পৰা ৩৫০ টা ডবা ।

এবাৰ হাৰি গাত নালাগিল, পুনৰ হাৰিবলৈ মাজুলীলৈ আহিছে চিত্ৰৰঞ্জন বসুমতাৰী : পীযুষ হাজৰিকা

এবাৰ হাৰি গাত নালাগিল, সেয়ে আকৌ হাৰিবলৈ মাজুলীলৈ আহিছে এজেপিৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী ৷ বুধবাৰে মাজুলীৰ এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika campaign for Bhuban Gam) ৷

সাংসদ পল্লৱ লোচন দাসক ৰাজহুৱা স্থানত অপদস্থ

সাংসদ পল্লৱ লোচন দাসৰ পিঠিত ঢকিয়াই অপমান কৰিলে এজন লোকে (MP Pallab Lochan Das humiliated in public places at Rangapara)৷ ৰঙাপৰাত সংঘটিত হয় এই ঘটনা ৷

Majuli by Election: প্ৰতিটো ভােটগ্ৰহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা

মাজুলী উপনিৰ্বাচনত সমষ্টটোৰ প্ৰতিটো ভোটকেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে (Webcasting system in Majuli by election)। মাজুলী সমষ্টিটোৰ মুঠ ২০৩ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব । এই ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্ৰসমূহৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কার্যালয় আৰু নিৰ্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব ।

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিজোৰামত উপস্থিত হৈ সাক্ষাৎ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক(Union Minister Sarbananda Sonwal arrives in Mizoram ) ৷ মিজোৰামত অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশৰ লক্ষ্যৰে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, মিজোৰামৰ পৰিবহণ বিভাগ আৰু গড়কাপ্তানি বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূর্ণ বৈঠক ।

প্ৰেম আৰু ভাগ্যৰ মেৰপাকত কেনেদৰে সোমাই পৰে পূজা আৰু প্ৰভাস ?

মুকলি হ’ল ৰাধে শ্যামৰ দ্বিতীয়টো ট্ৰেইলাৰ (Radhe Shyam Trailer) ৷ ট্ৰেইলাৰটোত এক অনন্য ৰূপত দেখা পোৱা গ’ল প্ৰভাসক ৷ অভিনেতাদ্বয় ক্ৰমে প্ৰভাস আৰু পূজাক এইখন প্ৰেম আধাৰিত ছবিৰে একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ( Prabhas Pooja movie Radhe Shyam ) ৷ ৰাধা কৃষ্ণ কুমাৰৰ এই চিনেমাখনে 11 মাৰ্চত মুক্তি লাভ কৰিব (Radhe Shyam release date) ৷

24x7 water supply in Nagaon: নগাঁৱত মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিশ্ৰুতি

অমৰুট আঁচনিৰ অধীনত ২৪ ঘণ্টাই পানী লাভ কৰিব নগাঁও পৌৰ এলেকাৰ লোকে (24x7 water supply in Nagaon)। ৰাজ্যখনৰ ভিতৰতে অন্যতম চহৰ হিচাপে পৰিগণিত হ'ব নগাঁও চহৰ । নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ ৷

ABOUT THE AUTHOR

...view details