অসম

assam

ETV Bharat / state

Theft in Goalpara: বুদুচৰ সত্ৰৰ আপুৰুগীয়া সম্পদ চুৰি; লুইতৰ বুকুত অভিযান

গোৱালপাৰা বুদুচৰ সত্ৰৰ চুৰি কাণ্ডৰ নতুন মোৰ । অভিযুক্ত হাছানুৰৰ পুত্ৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্ৰহ্মপুত্ৰত চলিছে মূৰ্তিৰ সন্ধান । সত্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ আৰু স্থানীয় ৰাইজৰ মতে এয়া ব্যৰ্থ আৰক্ষীৰ নাটক । দুশ বছৰীয়া গোসাঁইৰ মূৰ্তি আন্তঃৰাষ্ট্ৰীয় চোৰৰ‌ দলক হস্তান্তৰ কৰাৰ সন্দেহ ৰাইজৰ ।

Crime in Goalpara
গোৱালপাৰা বুদুচৰ সত্ৰৰ চুৰি কাণ্ড

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 1:32 PM IST

গোৱালপাৰা বুদুচৰ সত্ৰৰ চুৰি কাণ্ড

গোৱালপাৰা, ২৫ ছেপ্টেম্বৰ: দলগোমাৰ বুদুচৰ সত্ৰৰ মূৰ্তি চুৰি হোৱাৰ পিচৰে পৰা উকা হৈ আছে মণিকূট ৷ আজিও বুদুচৰ অঞ্চলবাসী ৰাইজে শোকত বিহ্বল হৈ আছে । মণিকূটৰ ভিতৰত গোসাঁইৰ অবৰ্তমানত কালি পালন‌ কৰা নহ'ল গুৰুজনাৰ পবিত্ৰ জন্মজয়ন্তী । বুদুচৰ সত্ৰৰ মূৰ্তি চুৰি কাণ্ডক লৈ বুদুচৰৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলো ম্ৰীয়মান হৈছে । গোসাঁইৰ মূৰ্তি উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত ৰবিবাৰে এছ ডি আৰ এফে অভিযান চলায় ।

ইয়াৰ বিপৰীতে চাৰিগৰাকী সন্দেহযুক্তলোকক গ্ৰেপ্তাৰ কৰি মাটিয়া আৰক্ষীয়ে অনুসন্ধান চলাই আছে । কিন্তু এই পৰ্যন্ত চুৰি হোৱা মণিকূটৰ ঐতিহাসিক গোসাঁইৰ মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মাটিয়া আৰক্ষী । উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰৰ নিশা বুদুচৰ সত্ৰৰ মণিকূটৰ পৰা ৰাধা-কৃষ্ণৰ মূৰ্তিকে আন কেতবোৰ আপুৰুগীয়া সম্পদ তথা সোণ-ৰূপৰ মূৰ্তি চুৰি হৈছিল । ২১ ছেপ্টেম্বৰৰ পুৱা মহেশ দাসে বন্তি দিবলৈ যোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

এই চুৰি কাণ্ডক লৈ ২১ ছেপ্টেম্বৰত বুদুচৰৰ হাছানুৰ ইছলাম আৰু তেওঁৰ নাবালক দুই পুত্ৰক আটক কৰি গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কালি বুদুচৰ মাজপাৰাৰ অনুজ শীলক তিনিচুকীয়া জিলাৰ লিডুৰ পৰা মাটিয়া আৰক্ষীয়ে আটক কৰি সোধা-পোচা অব্যাহত ৰাখে । প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে সন্দেহযুক্ত অভিযুক্ত হাছানুৰ ইছলাম ওৰফে ৰুবুলক আৰক্ষীয়ে আতক কৰি সোধা-পোচা কৰি হাছানুৰসহ দুই পুত্ৰকে ধৰি অনুজ শীলক আৰক্ষীয়ে গ্ৰেপ্তাৰ ঠিকেই কৰিলে । কিন্তু চুৰি হোৱা মূৰ্তি উদ্ধাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী ।

ইপিনে, হাছানুৰৰ পুত্ৰ এজনে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, পিতা হাছানুৰক আৰক্ষীয়ে ২১ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰাৰ পিচত নিজ ঘৰত লুকুৱাই ৰখা ৰাধা কৃষ্ণৰ মূৰ্তি দুটা বুদুচৰৰ পৰা এক কিলোমিটাৰ দূৰত্বত থকা বুদুচৰ হাটখোলাত নিশা ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে । হাছানুৰৰ পুত্ৰৰ ভাষ্যৰ ভিত্তিত ৰবিবাৰে বিয়লি চাৰি বজাৰ‌ পৰা মাটিয়া আৰক্ষীয়ে এছ ডি আৰ এফৰ জৰিয়তে বুদুচৰ ঘাটত উদ্ধাৰ অভিযান চলায় । ইপিনে, বুদুচৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চণ্ডীচৰণ দাসে ব্ৰহ্মপুত্ৰৰ মূৰ্তি বিচাৰি চলোৱা অভিযানক আৰক্ষীৰ নাটক বুলি আখ্যা দিছে ।

তেওঁ কয়, ‘‘আৰক্ষীয়ে চোৰ থিকেই ধৰিলে, কিন্তু মূৰ্তি উদ্ধাৰ কৰিব নোৱাৰিলে । মূৰ্তি চুৰিৰ এই সমগ্ৰ ঘটনাটো ইমানতে সামৰণি মাৰিবলৈহে ব্ৰহ্মপুত্ৰ নদীত মূৰ্তি বিচাৰি আৰক্ষীয়ে নাটক ৰচনা কৰিছে । আমাৰ সন্দেহ হৈছে চুৰি হোৱা এই মূৰ্তি আন্তঃৰাষ্ট্ৰীয় চোৰৰ হাতত পৰিছে । কষ্ট হ'ব বুলিয়ে আৰক্ষীয়ে এই চুৰি হোৱা মূৰ্তি উদ্ধাৰ কৰিবলৈ বিশেষ যতন কৰা নাই । বৰং এই ঘটনাটো ইমানে ইতি পেলাবলৈ পৰিচালনা সমিতিক নতুন মূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ পৰামৰ্শ দি আৰক্ষীয়েও অনুদান আগবঢ়াব বুলি কৈছে । সেয়ে আৰক্ষীয়ে মূৰ্তি বিচাৰি উলিওৱাত চূড়ান্তভাৱে ব্যৰ্থ‌ হৈ ব্ৰহ্মপুত্ৰত মূৰ্তি বিচাৰি নাটক ৰচনা কৰিছে ।"

আৰক্ষীয়ে কালি তিনিচুকীয়াৰ লিডুৰ পৰা গ্ৰেপ্তাৰ কৰা বুদুচৰ মাজপাৰাৰ নিত্যানন্দ শীল‌ ওৰফে নিতৌৰ পুত্ৰ অনুজ শীলে এই দুশবছৰীয়া মূৰ্তি কোনো আন্তঃৰাষ্ট্ৰীয় চোৰৰ‌ হাতলৈ‌ হস্তান্তৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । তেওঁ লগতে কয় যে, মূৰ্তি চুৰি হোৱাৰ পিচদিনা অনুজ শীলে মাতৃৰ লগত তিনিচুকীয়াৰ‌ লিডুলৈ কিয় গৈছিল বুলিও প্ৰশ্ন‌ কৰি অনুজ শীলৰ মাতৃক তদন্তৰ‌ আওতালৈ আনি ঠিকমতে সোধা-পোচা কৰিলেই ৰহস্য ভেদ হ'ব বুলি সভাপতি দাসে মন্তব্য কৰে । তেনেদৰে তেওঁ হাছানুৰৰ পত্নীকো তদন্তৰ আওতালৈ আনিবলৈ‌ দাবী জনায় আৰক্ষীক ।

উল্লেখ্য যে, বুদুচৰ সত্ৰতো ২০১৯ চনৰ পূৰ্বে এটি পুৰণি নামঘৰ আছিল । ১৮৬২ পাটবাওসী সত্ৰৰ পৰা বন্তি প্ৰজ্বলন কৰি আনি প্ৰতিষ্ঠা কৰা হৈছিল নামঘৰটো । এই বন্তি আস্থাৰ অক্ষয় বন্তি হিচাপে জনাজাত । সুখৰ কথা এই যে মূৰ্তি চুৰি হোৱাৰ পিচতো এই অক্ষয় বন্তি বৰ্তমানেও প্ৰজ্বলিত হৈ আছে । তেনেদৰে চুৰি হোৱা ৰাধা-কৃষ্ণৰ মূৰ্তি দুটা মণিকূটত প্ৰতিষ্ঠা কৰা দুশ বছৰ অতিক্ৰম কৰিছে । তদুপলক্ষে বিগত বৰ্গত গুৰুজনাৰ জন্মজয়ন্তীৰ‌ লগত সংগতি ৰাখি অখণ্ড ভাগৱত পাঠ কৰি ধৰ্মীয় আনন্দ উলাহ কৰা হৈছিল ।

স্থানীয় ৰাইজে আভিযোগ কৰা মতে, ২০১৯ চনত অসম সত্ৰ মহাসভাই এই ঐতিহাসিক নামঘৰটোক সত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে । তেনেদৰে সদৌ অসম দামোদৰ সংঘয়ো সংঘৰ অন্তৰ্গত হৈ থকা পুৰণি সত্ৰসমূহৰ তালিকাত এই সত্ৰখনক তালিকাভুক্ত কৰে । অসম দৰ্শন আঁচনিৰ অধীনত অসম চৰকাৰে শেহতীয়াকৈ বিগত বৰ্ষত আৰ্থিক অনুদান দিয়াত সত্ৰখনৰ উন্নীত কৰাৰ কাম চলি আছে ।

প্ৰণিধানযোগ্য যে, কালি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী আছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে যোৱা ২১ ছেপ্টেম্বৰত সত্ৰৰ মণিকূটৰ পৰা গোসাঁই মূৰ্তি অন্তৰ্ধান হৈ থকাত ৰাইজে আজি গুৰুজনাৰ জন্মজয়ন্তী পালন কৰিব পৰা নাই । ফলত ৰাইজৰ মনত শোকে খুন্দিয়াই থকা দেখা গৈছে ।

পৰিচালনা সমিতিৰ সভাপতি চণ্ডীচৰণ দাসে উল্লেখ কৰা মতে, নামঘৰ‌ সুচি কৰাৰ পিচত থাপনা প্ৰতিষ্ঠা কৰিহে পলমকৈ গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হ'ব । চুৰি হোৱা গোসাঁইৰ মূৰ্তি উদ্ধাৰ নহ'লে নতুন মূৰ্তি প্ৰতিষ্ঠা কৰা সন্দৰ্ভত তেওঁ কয়, ‘‘এতিয়াই মূৰ্তি প্ৰতিষ্ঠা কৰা নহয়, অসম সত্ৰ মহাসভাৰ পৰামৰ্শ মৰ্মেহে পৰৱৰ্তী পৰ্যায়ত মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব ।’’ চুৰি হোৱা মূৰ্তি উদ্ধাৰ হ'ব বুলি সভাতি চণ্ডীচৰণ দাসে আশাবাদী বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:Life struggle of two brothers: এখন চাইকেল; শাকৰ এটা মেটমৰা বোজা; দুই ভাইৰ জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details