অসম

assam

ETV Bharat / state

দশক ধৰি টুলুঙা নাৱেৰে গোৱালপাৰাৰ সীমান্তবাসী ৰাইজৰ বিপদসংকুল যাত্ৰা - krishnai river

স্বাধীনতাৰ কেইবাটাও দশক পাৰ হৈ যোৱাৰ পাছতো চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নাপালে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্ত অঞ্চলত । এখন টুলুঙা নাৱেই হৈ পৰিছে প্ৰায় 14/15 খন গাঁওৰ ৰাইজৰ একমাত্ৰ ভৰসা ৷ অন্ত নপৰিল অসম-মেঘালয় সীমান্ত অঞ্চলৰ ৰাইজৰ দুৰ্দশা ।

দশক ধৰি টুলুঙা নাৱেৰে গোৱালপাৰাৰ সীমান্তবাসী ৰাইজৰ বিপদসংকুল যাত্ৰা

By

Published : Aug 24, 2019, 2:51 PM IST

গোৱালপাৰা, 24 আগষ্টঃদেশে স্বাধীনতা লাভ কৰা 7 টা দশক অতিক্ৰম কৰি যোৱাৰ পাছতো একপ্ৰকাৰ উন্নয়ন বিমুখ হৈ আছে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত অঞ্চল ৷ চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোত ৷ দেশৰ শাসন ব্যৱস্থাত বহু ৰাজনৈতিক দলৰ চৰকাৰ আহিল আৰু গ'ল,কিন্তু গোৱালপাৰাৰ অসম-মেঘালয়ৰ সীমান্তবাসী ৰাইজৰ দুখ আৰু দুৰ্দশাৰ কোনো পৰিৱৰ্তন নহ'ল ৷ জিলাখনৰ আন্তঃৰাজ্যিক সীমান্তৱেদি বৈ যোৱা কৃষ্ণাই নৈত প্ৰায় 14/15 খন গাঁৱৰ ৰাইজে এখন টুলুঙা নাৱেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে ৷ স্থানীয় ৰাইজে প্ৰতিবছৰে নদীখনৰ ওপৰত নিজৰ ধন খৰচ কৰি নিৰ্মাণ কৰা বাঁহৰ দলংখন মেঘালয়ৰ পাহাৰৰ ঢালৰ পৰা নামি অহা পানীয়ে কেইবাবাৰো উটুৱাই নিয়ে বুলি উল্লেখ কৰিছে ভুক্তভোগী ৰাইজে ৷ আনহাতে বাঁহৰ দলঙৰ স্থানত পকী দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক কেইবাবাৰো অনুৰোধ কৰাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজে শীঘ্ৰেই চৰকাৰক দলং নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি সীমান্তৰ অসম আৰু মেঘালয়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়ত সমস্যাটো সমাধান কৰাৰ বাবে আহ্বান জনাইছে ৷

দশক ধৰি টুলুঙা নাৱেৰে গোৱালপাৰাৰ সীমান্তবাসী ৰাইজৰ বিপদসংকুল যাত্ৰা

ABOUT THE AUTHOR

...view details