স্বামীক বিচাৰি গোৱালপাৰা ডিটেনচন কেম্পত পত্নীৰ হাহাকাৰ গোৱালপাৰা, ৭ ফেব্ৰুৱাৰী :গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) এক অভাৱনীয় পৰিস্থিতি । বাল্য বিবাহত অভিযুক্তক পৰিয়ালৰ লোকে লগ কৰিবলৈ আহি সৃষ্টি কৰে এক উত্তেজনাময় পৰিস্থিতিৰ । শেহতীয়াকৈ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে (Assam govt strict against child marriage) ।
আনহাতে, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বাল্য বিবাহত অভিযুক্ত হাজাৰ হাজাৰ স্বামীসহ অভিভাৱকক (Assam police drive against child marriage) । ইফালে গোৱালপাৰাত বাল্য বিবাহৰ লগত জড়িত তথা অভিযুক্ত ব্যক্তিসকলক ৰখা হৈছে জিলাখনৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) । উল্লেখ্য যে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা বাল্য বিবাহত অভিযুক্ত লোকসকলক গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) ৰখা হৈছে (tense situation in goalpara transit camp) ।
ইফালে আত্মীয় কিম্বা পত্নীয়ে স্বামীক লগ কৰিবলৈ আহি ডিটেনচন কেম্পৰ সন্মুখতে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে । তেনে এক ঘটনাত ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা অহা এগৰাকী মহিলাই নিজৰ স্বামীক বিচাৰি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । "মোৰ স্বামীক লাগিবই । হিমন্ত বিশ্ব শৰ্মাই এবাৰ জে'লত থাকক, তেতিয়া গম পাব । অৰুণোদয় আঁচনি আমাক নালাগে । চৰকাৰী চাউলো নালাগে । আমাক আমাৰ স্বামীক লাগিবই ।" এই মন্তব্য স্বামীক লগ কৰিবলৈ অহা মহিলা ধুবুৰীৰ মহিলাগৰাকীৰ । উল্লেখ্য যে নামনি অসমৰ ধুবুৰী, বৰপেটা, কামৰূপ, বঙাইগাঁও আদি জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা বাল্য বিবাহত অভিযুক্ত ব্যক্তিসকলক সাক্ষাৎ কৰিবলৈ শ শ অভিভাৱকে ডিটেনচন কেম্পৰ সন্মুখত সমাগম কৰে ।
উল্লেখ্য, যোৱা ২ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা অসম আৰক্ষী আৰু প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । তাৰ পিছৰে পৰাই ৰাজ্যত ক্ষিপ্ৰ গতিত চলি আছে বাল্য বিবাহ-বিৰোধী অভিযান (Child Marriage in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈ পৰে অসম আৰক্ষী ৷ এই বাল্য বিবাহ-বিৰোধী অভিযানকালত অভিযুক্ত স্বামীকে তথা তেওঁলোকৰ আত্মীয় আৰু অভিভাৱককে ধৰি দুই হাজাৰোধিক অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক :Operation Against Child Marriage: আইনৰ লগতে মানৱীয়তাৰ দিশটোও চাবলৈ পীতাম্বৰ দেৱ গোস্বামীৰ অনুৰোধ