গোৱালপাৰা, 22 মে' :ৰাজ্যজুৰি কৰ’ণাৰ ভয়াৱহ সংক্ৰংমণে স্তব্ধ কৰি তুলিছে জনজীৱন ৷ প্ৰতিটো জিলাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে বহু লোকৰ ৷
ৰাজ্য চৰকাৰেও কৰ‘ণাক লৈ বিভিন্ন নীতি নিৰ্দেশনা প্ৰদান কৰাৰ ওপৰিও বিশেষ তৎপৰতা অৱলম্বন কৰি ৰাজ্যৰ মন্ত্ৰীসকলক বিভিন্ন জিলাৰ তদাৰক হিচাবে নিয়োগ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ঠিক তেনে সময়তে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ ঘটনা পোহৰলৈ আহিছে ৷
চিকিৎসালয়ত কৰ’ণাত আক্ৰান্তৰ মৃত্যু হলে মৃতদেহ চমজাই দিবলৈ নাথাকে এম্বুলেঞ্চ, নাথাকে চিকিৎসক ৷ ছুইপাৰৰ ওপৰত সকলো দায়িত্ব অৰ্পণ কৰা বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে ৷