অসম

assam

ETV Bharat / state

লালাবৰীত বজ্ৰপাতত নিহত কিশোৰ - ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ লালাবৰীত অঘটন

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ লালাবৰীত অঘটন ৷ এগৰাকী কিশোৰ এগৰাকী নিহত হোৱাৰ লগতে আন এগৰাকী লোক আহত ব্ৰজপাতত ।

teenager killed in lightning in goalpara
বজ্ৰপাতত নিহত কিশোৰ: আহত এগৰাকী

By

Published : Apr 14, 2022, 9:29 PM IST

গোৱালপাৰা,১৪ এপ্ৰিল:ৰাজ্যজুৰি ৰঙালীৰ উচাহ(Rangali Bihu celebrates in Assam) । তাৰ মাজতে ৰুষ্ট প্ৰকৃতি । গোৱালপাৰাৰ লালবৰীত সংঘটিত হৈছে এক অঘটন ৷ ব্ৰজ পৰি এজন কিশোৰ নিহত হোৱাৰ লগতে আহত আন এজন ব্যক্তি । জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰী ৰাংগাচৰণ পাহাৰত সংঘটিত এই শোকাৱহ ঘটনা ৷

নিহত কিশোৰ জনৰ নাম ভূমিধৰ ৰায় আৰু আহত লোক জনৰ নাম ৰোহিনী ৰায় বুলি জানিব পৰা গৈছে । লালাবৰী ৰাংগাচৰণ পাহাৰত আজিৰে পৰা সাতবিহু উপলক্ষে পূজা অনুষ্ঠিত হয় ৷ ভক্তপ্ৰাণ ৰাইজে ঐতিহ্যমণ্ডিত পাহাৰত পূজা কৰিবলৈ যোৱাৰ সময়তে বৃহস্পতিবাৰে দুপৰীয়া প্ৰচণ্ড বতাহ বৰষুণ আহে আৰু তেনে সময়তে প্ৰচণ্ড ব্ৰজ পৰাৰ ফলত দুজন লোক আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰে ৷ ইয়াৰে এজন কিশোৰ নিহত হোৱাৰ লগতে আনজন পুৰোহিত গুৰুতৰভাৱে আহত ৷

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নিহত আৰু আহত দুয়োকে পাহাৰৰ মধ্যভাগৰ পৰা উদ্ধাৰ কৰি এম্বুলেঞ্চ সেৱাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, বৰষুণ পৰাৰ সময়তে পূজাৰ পুৰোহিত আৰু কিশোজন পাহাৰৰ পৰা তললৈ নামি আহি আছিল আৰু তেনে সময়তে ব্ৰজ পৰে আৰু লগে লগে আঘাতপ্ৰাপ্ত হৈ মাটিত ঢলি পৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক:ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰত গৰু বিহু উদযাপন

ABOUT THE AUTHOR

...view details