অসম

assam

ETV Bharat / state

গোৱালপাৰাত বাঢ়নী পানীত সন্ধানহীন ছাত্ৰ

ৰাজ্যত বানপানীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে বৃহস্পতিবাৰে গোৱালপাৰা জিলাত এক অঘটন সংঘটিত হয় ৷ পথ অতিক্ৰম কৰিবলৈ লওতেই বানপানীৰ প্ৰবল সোতে উটুৱাই নিয়ে অপূৰ্ব দাস নামৰ ছাত্ৰ গৰাকীক । সম্প্ৰতি এছ ডি আৰ এফ বাহিনীয়ে অপূৰ্ব দাসৰ সন্ধানত পানীত অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

STUDENT DROWNED IN THE FLOOD WATER
গোৱালপাৰাত বাঢ়নী পানীত সন্ধানহীন ছাত্ৰ

By

Published : Jul 16, 2020, 8:56 PM IST

গোৱালপাৰা, 16 জুলাই :ৰাজ্যত বানপানীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে বৃহস্পতিবাৰে গোৱালপাৰা জিলাত এক অঘটন সংঘটিত হয় ৷ জিলাখনৰ টিপলাইত বানপানীত উটি যায় এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ ৷

জানিব পৰা মতে,পথ অতিক্ৰম কৰিবলৈ লওঁতেই বানপানীৰ প্ৰবল সোতে উটুৱাই নিয়ে অপূৰ্ব দাস নামৰ ছাত্ৰ গৰাকীক । সম্প্ৰতি এছ ডি আৰ এফ বাহিনীয়ে অপূৰ্ব দাসৰ সন্ধানত পানীত অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

গোৱালপাৰাত বাঢ়নী পানীত সন্ধানহীন ছাত্ৰ

জানিব পৰা মতে,টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ভকতপাৰাৰ পবিত্ৰ দাসৰ পুত্ৰ অপূৰ্ব দাসে গড়কাপ্তানী পথ এটা অতিক্ৰম কৰিবলৈ লওতে পানীৰ প্ৰবল সোতে উটুৱাই নিয়ে ছাত্ৰ জনক ৷

উল্লেখ্য যে, ৰাজ্যত ক্ৰমে জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ অসমৰ প্ৰায় 27 খন জিলাৰ কেইবা লক্ষাধিক জনতা বানপানীৰ কবলত পৰিছে ৷ বহুলোকে ঘৰ-মাটি এৰি ওখ মথাউৰিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ডবকাৰ কোৱাৰেন্টাইন চেণ্টাৰত অৰাজকতা

ABOUT THE AUTHOR

...view details