গোৱালপাৰা, 18 মে’: গোৱালপাৰা জিলাৰ মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত পুনৰ অঘটন ৷ 20 দিনত বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষাৰ্থীয়ে হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Student suicide in MG School Goalpara)৷ বৃহস্পতিবাৰে পাঠদান চলি থকা অৱস্থাতেই হোষ্টেলৰ কোঠাত চিপ লৈ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে (Suicide case in Goalpara)৷
গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা বেচৰকাৰী শিক্ষা খণ্ডৰ প্ৰতিষ্ঠান 'মহাত্মা গান্ধী (এম জি) ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত বৃহস্পতিবাৰ অৰ্থাৎ আজি পুনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱা মৰ্মান্তিক ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Golapara suicide case)৷ হোষ্টেলত চিপ লৈ আত্মহত্যা কৰা ছাত্ৰীগৰাকী বৰপেটা জিলাৰ আছমিনা খাতুন (18) বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, আজি পুৱা ছাত্ৰীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ কাৰণে শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিল ৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত ছুটীৰ বাবেও আবেদন জনাইছিল ৷ ছুটী লৈ দিনটো নিজৰ কোঠাত শুই নিজৰ ভাতৃৰ লগত ফোনত কথা বতৰা পাতিছিল ছাত্ৰীগৰাকীয়ে ৷ লগতে ফোনযোগে ভাতৃক দেখা কৰিবলৈ বিদ্যালয়ৰ হোষ্টেললৈও ভাতৃক আহিবলৈ কৈছিল ছাত্ৰীগৰাকীয়ে ৷
ইয়াৰ পিচতে দুপৰীয়া প্ৰায় 2.30 মান বজাত হঠাৎ ছাত্ৰীগৰাকী ফাঁচী লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বিদ্যালয়ৰ এগৰাকীয়ে শিক্ষকে ৷ লগে লগে ঘটনাৰ বিষয়ে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনাৰ বিষয়ে বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীগৰাকীৰ পৰিয়ালক অৱগত কৰে ৷ এই দুঃসংবাদটো পাই পৰিয়ালটোৰ মূৰত সগৰ ভাগি পৰে ৷