অসম

assam

By

Published : Apr 27, 2023, 8:24 PM IST

ETV Bharat / state

Student suicide case: হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

পাঠদান চলি থকা অৱস্থাতে হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰই ৷ হোষ্টেলত থাকিবলৈ বিচৰা নাছিল ছাত্ৰজনে ৷ এই দুখতে ছাত্ৰজনে এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে (Class 8 student suicide in Goalpara) ৷

Student suicide case in Goalpara
হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

গোৱালপাৰা, 27 এপ্ৰিল: গোৱালপাৰা চহৰৰ মহাত্মা গান্ধী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক অঘটন সংঘটিত হৈছে ৷ পাঠদান চলি থকা অৱস্থাতে হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰই (Student suicide case)৷ আত্মহত্যা কৰা ছাত্ৰগৰাকীৰ নাম নিলভজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে (Class 8 student suicide in Goalpara) ৷

গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা বেচৰকাৰী শিক্ষাখণ্ডৰ প্ৰতিষ্ঠান ‘‘মহাত্মা গান্ধী(এম জি) ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল’’ত বৃহস্পতিবাৰে পুৱাই অষ্টম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে আত্মহনন কৰাৰ মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে (Student hanged in hostel room) ৷ হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰা ছাত্ৰগৰাকী কোকৰাঝাৰ জিলাৰ তুলসী বিলৰ অশোক কুমাৰ বৰ্মনৰ পুত্ৰ নিৰ্লভজ্যোতি বৰ্মন(১৪) ৷

জানিব পৰা মতে, আজি পুৱাও সহপাঠীসকলৰ সৈতে ক্লাছলৈ গৈছিল ছাত্ৰজনে ৷ ক্লাছ চলি থকা অৱস্থাতে প্ৰায় 7.30 মান বজাত ছাত্ৰগৰাকীয়ে ক্লাছৰ পৰা প্ৰস্ৰাৱগাৰলৈ যায় ৷ প্ৰস্ৰাৱ কৰিবলৈ যোৱা ছাত্ৰজন কিন্তু ক্লাছলৈ ওভতি নাহে (Minor boy suicide case) ৷

পিচত ছাত্ৰজনক স্কুলৰ একেটা অট্টালিকাৰ‌ ওপৰ মহলাত থকা হোষ্টেলৰ নিজ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত আৱিষ্কাৰ কৰে স্কুল কৰ্তৃপক্ষই ৷ মূহুৰ্ততে স্কুল কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগে লগে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰগৰাকীৰ পৰিয়ালক টেলিফোনযোগে অৱগত কৰাত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে ৷ দুঃসংবাদটো পোৱা মাত্ৰকে কোকৰাঝাৰৰ পৰা উধাতু খাই লৰি আহে ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন ৷

ইফালে ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত দুপৰীয়াৰ পূৰ্বে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ স্কুলৰ একাংশ সহপাঠী ছাত্ৰই সদৰী কৰা অনুসৰি ছাত্ৰজনৰ হোষ্টেলত থাকিবলৈ ইচ্ছা নাছিল ৷ বিহুৰ বন্ধত ঘৰলৈ যোৱাৰ পিচত হোষ্টেললৈ আহিব খোজা নাছিল ছাত্ৰজন ৷ তেওঁৰ পিতৃ-মাতৃয়ে হোষ্টেলত থৈ যোৱাৰ পিচতে মন মাৰি আছিল ছাত্ৰজন ৷

ইপিনে ছাত্ৰগৰাকীৰ এগৰাকী আত্মীয়ইও জানিব দিয়ে যে, পিতৃ-মাতৃ তথা পৰিয়ালৰ অতি মৰমৰ কিশোৰটোৱে হোষ্টেলত থাকি পঢ়া-শুনা কৰিবলগীয়া হোৱাত মনোকষ্টত ভুগি আছিল ৷ সেয়ে ৰঙালী বিহুৰ বন্ধত ঘৰলৈ যোৱাৰ পিচত দুনাই হোষ্টেললৈ আহিব খোজা নাছিল ৷ তিনি দিন পূৰ্বে পিতৃ-মাতৃয়ে বুজনি দি নিজে হোষ্টেলত থৈ গৈছিল ছাত্ৰজনক ৷ ইয়াৰ পিচতে ছাত্ৰজনক হোষ্টেলৰ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাত হতচকিত হৈ পৰে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন ৷

উল্লেখ্য যে, মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চৌহদত হৃদয় বিদাৰক দৃশ্যৰ পৰিলক্ষিত হয় ৷ কান্দোনত ভাগি পৰে ছাত্ৰগৰাকীৰ প্ৰতিজন আত্মীয় ৷ বাৰে বাৰে মূৰ্ছা গৈছিল ছাত্ৰগৰাকীৰ মাতৃ ৷

বিয়লি ছাত্ৰগৰাকীৰ মৃতদেহ পৰিয়ালটোক গতাই দিয়া হয় ৷ সহজ-সৰল অমায়িক স্বভাৱৰ ছাত্ৰগৰাকীৰ মৃতদেহ কোকৰাঝাৰৰ নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Illegal agarwood seized: মৰিয়নীত সাঁচি ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ

ABOUT THE AUTHOR

...view details