সৌৰ চাকি বিতৰণত দুৰ্নীতি - ব্ৰহ্মপুত্ৰ
প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত 5 হাজাৰৰ পৰা 7 হাজাৰ টকালৈ সংগ্ৰহ কৰাৰ অভিযোগ ৷ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখনো গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷

গোৱালপাৰা, 30 আগষ্ট : গোৱালপাৰাত সৌৰ চাকি বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত 5 হাজাৰৰ পৰা 7 হাজাৰ টকালৈ সংগ্ৰহ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখনো গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া চেঙ্গেৰ আলগা, কলচাবাঙ্গা, ছিঙ্গুলীপাৰা, চুলাৰ চৰ আদি বিভিন্ন চৰ অঞ্চলত দীনদয়াল আৰু সৌভাগ্য আঁচনিৰ চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ চৰ অঞ্চলৰ সচেতন ব্যক্তি সকলে দাবী জনাইছে ।