গোৱালপাৰা, 11 জুনঃ ৰাজপথত দুগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ গোৱালপাৰাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ৷ গোৱালপাৰা জিলাৰ বহতি হাইস্কুলৰ দুজন ছাত্ৰ একেলগে বহতি হাইস্কুললৈ গৈ থকা অৱস্থাত হঠাৎ এজন ছাত্ৰ পিছলি পৰাত ইউনিফৰ্ম নষ্ট হয় । পথৰ দাঁতিত জমা হোৱা পানীৰে লেতেৰা কাপোৰ ধুই থকা অৱস্থাত শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হাকিমে দেখা পাই কোনো কাৰণ নোহোৱাকৈ দুয়োজন ছাত্ৰক মাৰপিট কৰিবলৈ আৰম্ভ কৰে । একাংশই এই ঘটনা দেখি ছাত্ৰ দুজনক নামাৰিবলৈ অনুৰোধ কৰে যদিও শিক্ষক দুজনে উপৰ্যোপৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে উপস্থিত ৰাইজে ৷ শিক্ষক আব্দুল হাকিমৰ এনে কাণ্ডত উত্তেজিত হৈ পৰে স্থানীয় একাংশ ৰাইজ । ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি বিদ্যালয়ৰ খিৰিকিৰে দৌৰি পলায়ন কৰে আব্দুল হাকিম নামৰ শিক্ষকজন । ঘটনা সন্দৰ্ভত দুয়োজন ছাত্ৰৰ অভিভাৱকে মাটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
ৰাজপথত ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ, শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল - গোৱালপাৰা
গোৱালপাৰাত ৰাজপথত দুগৰাকী ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ । অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে থানাত এজাহাৰ অভিভাৱকৰ ৷
ৰাজপথত ছাত্ৰক নিৰ্মম প্ৰহাৰ শিক্ষকৰ, শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল
ইপিনে একাংশ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকজনৰ এনে কাণ্ডৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । পূৰ্বেও একাধিক বিতৰ্কিত কামত জড়িত থকা শিক্ষকজনৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ ক্ষেত্ৰীৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বৃহৎ চুৰি চক্ৰ