গোৱালপাৰা, 19 জুনঃ কামৰ সন্ধানত গোৱালপাৰা জিলাৰ সদৰ থানাৰ অন্তৰ্গত কুৰুৱাভাষাৰ পৰা বাংগালোৰলৈ গৈছিল চাৰিজনীয়া এটা যুৱকৰ দল৷ বাংগালোৰ এক্সপ্ৰেছেৰে গৈ থকা অৱস্থাতে ৰে'লষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ৰোহিত সূত্ৰধৰ (৩৮) নামৰ যুৱকজন ৷ উল্লেখ্য যে, যোৱা ১৫ জুনত একে গাঁৱৰে মেলাৰাম সূত্ৰধৰৰ পুত্ৰ ৰোহিত সূত্ৰধৰ(৩৮), কালেন্দ্ৰ সূত্ৰধৰ, বনজিৎ সূত্ৰধৰ আৰু সুৰজিৎ সূত্ৰধৰে কৰ্মসূত্ৰে গোৱালপাৰাৰ পৰা বাংগালোৰলৈ গৈছিল । কিন্তু যোৱা ১৬ জুনৰ নিশা এক বজাত ৰোহিতৰ পৰিয়াললৈ ফোন আহে যে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ষ্টেচনত নিশা ১২ বজাত নমাৰ পিচত পুনৰ দবাটোলৈ ঘূৰি নাহে ৰোহিত ।
কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক - Rohit Sutradhar
গোৱালপাৰাৰ পৰা বাংগালোৰলৈ যোৱাৰ পথত নিৰুদ্দেশ গোৱালপাৰাৰ যুৱক ৷ যুৱকজনৰ সন্ধানত পৰিয়ালৰ হাহাকাৰ ৷

কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক
কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক
বহু বিচাৰ খোচাৰ কৰিও লগৰ কেইজনে ৰোহিতৰ সন্ধান নাপাই পৰিয়ালৰ লোকক ফোন কৰি ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে ৷ উক্ত খবৰ পাই ৰোহিতৰ পৰিয়ালত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু যুৱকজনক বিচাৰি পৰিয়ালৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয় । কোনো লোকে যুৱকজনৰ সন্ধান পালে ৭০৮৬১৬২৪৮১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷