গোৱালপাৰা,14 মে': মঙলবাৰে নগৰবেৰাৰ টুপামাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। টুপামাৰী আজান শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ৬ গৰাকীকৈ ছাত্ৰী ক্লাছ চলি থকা অৱস্থাত হঠাৎ অচেতন হৈ মাটিত ঢলি পৰাত আৰম্ভ হয় হুৱাদুৱাৰ। তাৎক্ষণিকভাৱে আটাইকেইগৰাকী ছাত্ৰীকে স্থানীয় টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় বিদ্যালয় কৰ্তৃপক্ষই।
নগৰবেৰাৰ এখন বিদ্যালয়ত হঠাৎ অচেতন ৬ গৰাকী ছাত্ৰী - নগৰবেৰা
নগৰবেৰাৰ টুপামাৰী আজান শিশু নিকেতনত মঙলবাৰে হঠাৎ সৃষ্টি হয় হুৱাদুৱাৰ। খাদ্যত বিষক্ৰিয়া হৈ অচেতন হৈ পৰে বিদ্যালয়খনৰ ছয় গৰাকীকৈ ছাত্ৰী। বৰ্তমানেও সংকটজনক অৱস্থাত এগৰাকী ছাত্ৰী
![নগৰবেৰাৰ এখন বিদ্যালয়ত হঠাৎ অচেতন ৬ গৰাকী ছাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3279524-thumbnail-3x2-sank.jpg)
খাদ্যত বিষক্ৰিয়া হৈ টুপামাৰী আজান শিশু নিকেতনত হঠাৎ অচেতন ছয় গৰাকী ছাত্ৰী
খাদ্যত বিষক্ৰিয়া হৈ টুপামাৰী আজান শিশু নিকেতনত হঠাৎ অচেতন ছয় গৰাকী ছাত্ৰী
সম্প্ৰতি আটাইকেইগৰাকী ছাত্ৰী টুপামাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন আৰু ইয়াৰে পাঁচ গৰাকী ছাত্ৰীৰ অৱস্থা সংকটমুক্ত হোৱাৰ বিপৰীতে এগৰাকী ছাত্ৰীৰ অৱস্থা বৰ্তমানেও উন্নত হোৱা নাই বুলি জানিব পৰা গৈছে। খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে চিকিৎসকে ।