সৰুপথাৰ, 29 ডিচেম্বৰঃধনশিৰি মহকুমাৰ সৰুপথাৰ সীমান্তৰ চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ লগতে 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বজ্ৰ হুংকাৰ ৷ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ উপ-সভাপতি ৰাজু ফুকন, অভিনেতা অৰুণ হাজৰিকা, কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাসহ কেইবাগৰাকীয়ো ছাত্ৰনেতা ৷
চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ - চুঙাজান কা প্ৰতিবাদ
ধনশিৰি মহকুমাৰ সৰুপথাৰ সীমান্তৰ চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ লগতে 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বজ্ৰ হুংকাৰ ৷ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৷

চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ
চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ
উক্ত বজ্ৰহুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই কয় যে, অসম চৰকাৰে জাপি দিয়া এই জাতিধ্বংসী আইনখন অসমীয়াই কেতিয়াও মানি নলয় ৷ লগতে এইবাৰ মাঘ বিহুত সকলো ৰাইজকে জুঁইত ‘কা আমি নামানো’ বুলি লিখি জ্বলাই দিবলৈ আহ্বান জনায় অভিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীতে অৰুণ হাজৰিকাই কৰি এটি পেৰদী গীতৰ জৰিয়তে আইনখনৰ বিৰোধীতা কৰে ৷
লগতে পঢ়ক-শ্বহীদ ন্যাসত আছুৰ সংবাদমেল