অসম

assam

ETV Bharat / state

গোৱালপাৰাত চি আৰ পি এফৰ উদ্যোগত স্বচ্ছতা অভিযান - চি আৰ পি এফ বেটেলিয়নৰ

গোৱালপাৰাত চি আৰ পি এফৰ ১৫২নং বেটেলিয়নৰ উদ্যোগত স্বচ্ছতা অভিযান । শাস্ত্ৰী নগৰস্থিত বি আৰ আম্বেদকাৰ হাইস্কুলৰ খেলপথাৰৰ লগতে বিদ্যালয়খনৰ আশে-পাশে থকা জাবৰ-জোথৰসমূহ চাফা কৰে চি আৰ পি এফৰ জোৱানসকলে । যোৱা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই চাফাই অভিযান অহা ১৫ ডিচেম্বৰলৈ চলিব ।

গোৱালপাৰাত ১৫২নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত স্বচ্ছতা অভিযান
গোৱালপাৰাত ১৫২নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত স্বচ্ছতা অভিযান

By

Published : Dec 5, 2020, 9:02 PM IST

গোৱালপাৰা, ৫ ডিচেম্বৰ: যোৱা ১ ডিচেম্বৰৰ পৰা গোৱালপাৰা চহৰত স্বচ্ছতা অভিযান চলাইছে ১৫২নং চি আৰ পি এফ বেটেলিয়নে । শনিবাৰে এই স্বচ্ছতা অভিযানৰ অংশ হিচাপে গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰস্থিত বি আৰ আম্বেদকাৰ হাইস্কুল চৌহদ পৰিষ্কাৰ কৰে । বিদ্যালখনৰ খেলপথাৰো পৰিষ্কাৰ কৰে জোৱানসকলে । অহা ১৫ ডিচেম্বৰলৈ এই চাফাই অভিযান অব্যাহত থাকিব । এই ১৫ দিনীয়া স্বচ্ছ ভাৰত অভিযানত সকলো জোৱানে সহযোগিতা আগবঢ়াইছে ।

গোৱালপাৰাত ১৫২নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত স্বচ্ছতা অভিযান

কৰ্তব্যৰ উপৰিও পৰিৱেশ সুৰক্ষা আৰু চাফাই অভিযানত সমানে গুৰুত্ব দিয়া হ'ব বুলি জানিবলৈ দিয়ে বেটেলিয়ন কমাণ্ডেন্ট দেৱ কুমাৰ মিশ্ৰই । কমাণ্ডেন্ট গৰাকীয়ে লগতে কয় যে, 'নিজে বসবাস কৰা ঠাইৰ চৌপাশৰ পৰিৱেশ চাফ-চিকুণ কৰি ৰখাটো সকলো নাগৰিকৰে কৰ্তব্য । জাবৰ-জোথৰ পেলাবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু সময়ৰ মূৰে মূৰে জাবৰ চাফা কৰিব লাগে । জাবৰ চাফা নকৰিলে তাৰ পৰা দুৰ্গন্ধ ওলাই বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে' ।

ৰাইজলৈ এনেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিবলৈ জোৱানসকলে আহ্বান জনায় । অহা ১৫ ডিচেম্বৰলৈকে চহৰৰ বিভিন্ন ঠাইত থকা জাবৰ-জোথৰ চাফা কৰিব ১৫২নং বেটেলিয়নৰ জোৱানসকলে । উক্ত কাৰ্যসূচীসমূহত তেওঁলোকে সকলো স্তৰৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক:বিশ্বনাথত মহিলা সুৰক্ষাৰ উদ্দেশ্যে গঠন হ’ল "সখী"

ABOUT THE AUTHOR

...view details