অসম

assam

ETV Bharat / state

পশ্চিম গোৱালপাৰাত বানাক্ৰান্তৰ বুজ ল'বলৈ আহৰি নাই জন প্ৰতিনিধিৰ - বান

বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ খবৰ লবলৈ আহৰি নাই পশ্চিম গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলৰ।  স্থানীয় প্ৰশাসনৰ তৰফৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

ETV BHARAT

By

Published : Jul 14, 2019, 6:10 PM IST

Updated : Jul 14, 2019, 7:11 PM IST

পশ্চিম গোৱালপাৰা,14 জুলাই : পশ্চিম গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কেবাখনো গাঁও। বালিজান ৰাজহ চক্ৰৰ অধীনস্থ কালজানী, তাপাৰ ভিটা, জয়পুৰ আদি অঞ্চলৰ কেবাখনো গাঁও বানৰ কবলত।


বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ খবৰ লবলৈ আহৰি নাই পশ্চিম গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলৰ। স্থানীয় প্ৰশাসনৰ তৰফৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

পশ্চিম গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কেবাখনো গাঁও


উল্লেখযোগ্য যে , বান পীড়িত অঞ্চলৰ ৰাইজৰ খবৰ ল'বলৈ শনিবাৰে উপস্থিত হয় ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ) ৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী ৰুমি ফুকন শৰ্মা সহ এটি দল। দলটোৱে বানাক্ৰান্তৰ মাজত পানী, বিস্কুট, বন,চিৰা আদি বিতৰণ কৰে ।এই সংক্ৰান্তত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে সংগঠনটোৰ সভানেত্ৰী ৰুমি ফুকন শৰ্মাই।

অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী ৰুমি ফুকন শৰ্মা
Last Updated : Jul 14, 2019, 7:11 PM IST

ABOUT THE AUTHOR

...view details