গোৱালপাৰা, ২৬ আগষ্ট :কিছুদিন পূৰ্বে কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছিল । ৬ জনীয়া এটা ডকাইতৰ দলে কোকৰাঝাৰস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ গৈছিল । তাৰ পাছতে গোপন সূত্ৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে চলাইছিল অভিযান ৷ ঘটনাস্থলীত আৰক্ষীক দেখি ডকাইতৰ দলটোৱে কৰিছিল গুলীচালনা ৷
এই গুলীয়াগুলিত নিহত হৈছিল তিনিটাকৈ ডকাইত । বাকী তিনিটা ডকাইতে আৰক্ষীৰ চকুত ধুলি মাৰি পলাই যাবলৈ সক্ষম হৈছিল । কিন্তু বুধবাৰে সেই পলাতক ডকাইত তিনিটাৰ ভিতৰত ছফিকুল ইছলাম নামৰ এটা ডকাইত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীৰ হাতত আত্মসমর্পণ কৰে ।