গোৱালপাৰা , 02 এপ্ৰিল : গোৱালপাৰা পূব বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকী পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে চলাইছে সীমাহীন দুৰ্নীতি৷ জিলা কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ গড়কপ্তানিবিভাগৰ বিৰুদ্ধেওগুৰুত্বহীনতাৰ অভিযোগ ৷
গোৱালপাৰাত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুন্ঠন - লুন্ঠন
গোৱালপাৰা হাৰিমুৰাৰ পৰা ডুবাপাৰালৈ যোৱা পথছোৱা নিৰ্মাণৰ দায়িত্ব ঠিকাদাৰ মহম্মদ শাহী কৰিমক অৰ্পণ কৰা হৈছিল । অভিযোগ অনুসৰি পথটোৰ ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰে ।
গোৱালপাৰা হাৰিমুৰাৰ পৰা ডুবাপাৰালৈ যোৱা পথছোৱা নিৰ্মাণৰ দায়িত্ব ঠিকাদাৰ মহম্মদ শাহী কৰিমক অৰ্পণ কৰা হৈছিল । অভিযোগ অনুসৰি পথটোৰ ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰে । ইয়াৰোপৰিপথ নিৰ্মাণত পৰ্যাপ্ত পৰিমাণৰ শিল, বালি, মাটি আদি কেঁচা সামগ্ৰী প্ৰয়োগ নকৰাৰো অভিযোগ উত্থাপন হৈছে ঠিকাদাৰজনৰ বিৰুদ্ধে ৷ ইয়াৰ প্ৰতিবাদত স্থানীয় ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে যদিও ঠিকাদাৰজনে নিজ ইচ্ছামতে পুনৰাই একেই দুৰ্নীতি সংঘটিত কৰি কাম অব্যাহত ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ লগতে এই সমষ্টিটোত চলি থকা প্ৰতিটো কামতেই ঠিকাদাৰ আৰু জিলা গড়কপ্তানিবিভাগে উন্নয়নৰ নামত চূড়ান্ত দুৰ্নীতি অব্যাহত ৰখাৰো অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে সচেতন মহলে শীঘ্ৰে উচিত তদন্ত কৰি পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু জিলা গড়কপ্তানিবিভাগৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷