গোৱালপাৰা, 22 ফেব্ৰুৱাৰী:কইনা আনিবলৈ গৈ এক শোকাবহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে এগৰাকী 56 বৰ্ষীয় মহিলাই ৷ গোৱালপাৰা জিলাৰ ৰংজুলিত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে ৷ দেওবাৰে নিশা ৰংজুলিত সংঘটিত পথ দুৰ্ঘটনাটোত পূৰ্ণিমা ডেকা নামৰ মহিলা গৰাকীয়ে দুৰ্ভাগ্যজনক মৃত্যুক আঁকোৱালি লয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰা কইনা নিয়াৰ উদ্দেশ্যে ৰংজুলিলৈ বিবাহযাত্ৰীৰ সৈতে আহিছিল মহিলা গৰাকী ৷ ৰংজুলিলৈ আহি থকাৰ পথতে প্ৰস্ৰাৱ কৰাৰ উদ্দেশ্যে মহিলগৰাকীয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী এম্বুলেঞ্চ (স্কৰপিঅ') ৰ খুন্দাত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি ল'ব লগীয়া হয় ৷