গোৱালপাৰা, 24 আগষ্ট: গোৱালপাৰা জিলাৰ কৃষ্ণাইত সুৰাৰ বিপনীৰ অনুঞ্জাপত্ৰক লৈ প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ । চহৰখনত দুখনকৈ সুৰাৰ বিপনীয়ে অঞ্চলটোত যুৱ ঊশৃংখলতা বৃদ্ধি কৰাৰ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ পিছত তৃতীয়খন সুৰাৰ বিপনী খোলাৰ বিৰুদ্ধে আঞ্চলিক ছাত্ৰ সন্থা, আক্ৰাছু, আমছু, আঞ্চলিক গৰিয়া-মৰিয়া সমিতি, কৃষ্ণাই সচেতন নাগৰিক মঞ্চকে ধৰি কেবাটাও দল সংগঠনে তীব্ৰ বিৰোধীতা কৰে ৷
বিষয়টোৰ সম্পৰ্কত জিলা উপায়ুক্ত আৰু আবকাৰী বিভাগক অভিযোগ দাখিল কৰাৰ পিছতো একো সুফল নোপোৱাৰ অভিযোগ সংগঠনকেইটাৰ ৷ অভিযোগ অনুসৰি, আবকাৰী নীতিমতে আবাসী অঞ্চলত, মন্দিৰ, মদজিদ, শিক্ষানুষ্ঠান আদি অনুষ্ঠান প্ৰতিষ্ঠানৰ এশ মিটাৰ দূৰত্বত সুৰাৰ বিপনী খোলা নিয়মবৰ্হিভূত । অথচ কৃষ্ণাইৰ প্ৰস্তাৱিত তৃতীয়খন সুৰাৰ বিপনীৰ লগতে মন্দিৰ এটা বিৰাজমান হৈ থকাৰ উপৰিও আৱাসী এলেকাটোৰ দুজনকৈ নিকটৰ্ৱতী আৱাসীয়ে জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো জিলা প্ৰশাসনে তিলমাত্ৰও ভ্ৰূক্ষেপ নকৰিলে ।