গোৱালপাৰা,১১ ছেপ্টেম্বৰ :ৰাজ্যত অব্যাহত আছে দুষ্প্ৰাপ্যবন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ । একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই অবৈধ কাৰ্যকলাপ । এনে কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী তথা বন বিভাগ । এনে দুষ্টচক্ৰৰ বিৰুদ্ধে নিশা গোৱালপাৰা জিলাৰ ধনুভাঙাত ক্ৰাইম ব্ৰাঞ্চ (Crime Branch) আৰু বন বিভাগৰ (Forest Department) অভিযান চলিল ।
বিশেষ সূত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা অহা ক্ৰাইম ব্ৰাঞ্চৰ এটা দল আৰু ৰংজুলিৰ বন বিভাগৰ যুটীয়া অভিযানত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই উদ্ধাৰ কৰে এটা প্ৰকাণ্ড বনৰৌ (Pangolin) । দুষ্প্ৰাপ্য বনৰৌটোৰ ওজন ৯.৮ কি:গ্ৰা: । অভিযানত বনৰৌটো সৰবৰাহ কৰা তিনিজনকৈ চোৰাং ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ।