গোৱালপাৰা, ১ ডিচেম্বৰ: মঙলবাৰে গোৱালপাৰাত অনুষ্ঠিত ৰাইজৰ দলৰ সভাত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক ভাস্ক' ডি শইকীয়াই । গোৱালপাৰা পূৱ সমষ্টিৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে মৰনৈ থানাৰ অন্তৰ্গত কোদালধোৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হয় ।
গোৱালপাৰাৰ সভাত বিজেপি আৰু কংগ্ৰেছক ক্ষুৰাধাৰ সমালোচনা ভাস্ক' ডি শইকীয়াৰ তেওঁ কয় যে, 'কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষক বিৰোধী আইনৰ বিৰোধিতা কৰিছে দেশৰ কৃষকসকলে ।' অসম, অসমৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দল গঠিত হৈছে বুলিও মন্তব্য কৰে শইকীয়াই ।
গোৱালপাৰাৰ সভাত বিজেপি আৰু কংগ্ৰেছক ক্ষুৰাধাৰ সমালোচনা ভাস্ক' ডি শইকীয়াৰ লগতে বিজেপি চৰকাৰক এইবাৰ গাদীচ্যুত কৰিবলৈ ৰাইজৰ দলে প্ৰস্তুতি চলাইছে বুলিও মন্তব্য কৰে । কংগ্ৰেছকো সমালোচনা কৰে ভাস্ক' ডি শইকীয়াই । ৰাইজৰ দলৰ গোৱালপাৰা জিলা সমিতিৰ মুখ্য আহ্বায়ক মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ।
গোৱালপাৰাৰ সভাত বিজেপি আৰু কংগ্ৰেছক ক্ষুৰাধাৰ সমালোচনা ভাস্ক' ডি শইকীয়াৰ আন এগৰাকী আহ্বায়ক আশ্ৰাফুল ইছলামে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দুৰ্নীতিমুক্ত অসম, শোষণমুক্ত অসম গঢ়াৰ উদ্দেশ্যে ৰাইজৰ দল গঠন কৰা হৈছে । সমষ্টিৰটোৰ এখন ২৪ জনীয়া আহ্বায়ক সমিতি গঠন কৰে ৰাইজৰ দলৰ নেতৃত্বই । সভাখনত ৰাইজৰ দলৰ আহ্বায়কসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে ।
লগতে পঢ়ক:খানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ