অসম

assam

ETV Bharat / state

গোৱালপাৰাত ৰাভা-হাচংৰ ২৫ বছৰ পূৰ্ণ উপলক্ষে সংস্কৃতি সমাৰোহ - Rabha Hasong Silver Jubli at goalpara

গোৱালপাৰা মাকৰীৰ ৰেন্দু পেন্দু পাহাৰত ৰাভা সংস্কৃতি সমাৰোহ । উদুলি মুদুলি ৰেন্দু পেন্দু পাহাৰৰ বাকৰি । তিনি দিনীয়াকৈ ৰাভা হাচং সাংস্কৃতিক সমাৰোহৰ আজি অন্তিম দিন ।

গোৱালপাৰা
গোৱালপাৰাৰ ৰাভা সংস্কৃতি সমাৰোহ

By

Published : Mar 14, 2020, 9:17 PM IST

Updated : Mar 14, 2020, 9:34 PM IST

গোৱালপাৰা, 14 মাৰ্চঃ গোৱালপাৰা মাকৰীৰ ৰেন্দু পেন্দু পাহাৰত ৰাভা সংস্কৃতি সমাৰোহ । উদুলি-মুদুলি ৰেন্দু পেন্দু পাহাৰৰ বাকৰি । তিনিদিনীয়াকৈ ৰাভা হাচং সাংস্কৃতিক সমাৰোহৰ শনিবাৰে অন্তিম দিন । সমাৰোহৰ দিনটোতে উদুলি-মুদলি হৈ পৰিল গোৱালপাৰা মাকৰীৰ ৰেন্দু-পেন্দু পাহাৰ ।

গোৱালপাৰাৰ ৰাভা সংস্কৃতি সমাৰোহ

ৰাভা জনগোষ্ঠীয় সাংস্কৃতিক সমাহাৰ ঘটা এই ৰেন্দু পেন্দু পাহাৰতে অনুষ্ঠিত হৈছে ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী । বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ আকৰ্ষণীয় নৃত্য গীতেৰে সমাৰোহৰ অন্তিম দিনটোৰ মুকলি সভাৰ শুভাৰম্ভ হয় । সমাৰোহৰত অংশগ্ৰহণকাৰী অতিথি সকলক সম্ভাষণ জনাই মুকলি সভাৰ আদৰনি ভাষণ আগবঢ়ায় টংকেশ্বৰ ৰাভাই ।

গোৱালপাৰাত ৰাভা-হাচংৰ ২৫ বছৰ পূৰ্ণ উপলক্ষে সংস্কৃতি সমাৰোহ

তাৰ পাছতে ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে । ভাষণ প্ৰদানৰ পূৰ্বে হৃষীকেশ গোস্বামীযে ৰাভা-হাচংৰ ২৫ বছৰ পূৰ্ণ কৰাৰ উপলক্ষে সমস্ত ইতিবৃত্ত সামৰি প্ৰস্তুত কৰি উলিওৱা এক 'ৰাভা-হাচংৰ গৌৰাম্বিত ২৫ বছৰ'ৰ শুভ উন্মোচন কৰে ।

আৰু পঢ়কঃ মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ

Last Updated : Mar 14, 2020, 9:34 PM IST

ABOUT THE AUTHOR

...view details