অসম

assam

ETV Bharat / state

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

গড়কাপ্তানী বিভাগৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাচতো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

By

Published : May 2, 2019, 9:51 AM IST

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

গোৱালপাৰা , 02 মে' :গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতিৰ বৃহৎ বজাৰ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত টুপামাৰীত এনে এক ঘটনাৰ তথ্য পোহৰলৈ আহিছে ৷

গোৱালপাৰাত চৰকাৰী বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত দুৰ্নীতি !

ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ অধীনত পকী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাচতো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে নীৰৱ ভুমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ 3 নং টুপামাৰী জলজলি পথছোৱা পকীকৰণ কৰাৰ নামত শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰ জনে বিভাগীয় নীতি নিৰ্দেশনা অমান্য কৰি অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ দাবী যে পথটোত নামমাত্ৰ শিল পেলাই , ৰোলাৰ নমৰাকৈ পকীকৰণ কৰাটো কোনোপধ্যেই তেওঁলোকে মানি নলয় ৷ ইপিনে গড়কাপ্তানী পথ নিৰ্মাণৰ নামত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰাৰ পাচতো সংশ্লিষ্ট ঠিকাদাৰ জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ৷ ইপিনে স্থানীয় বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভণিৰ ফলকত কোনো তথ্য নাই বুলি জনাই স্থানীয় ৰাইজ ৷ তদুপৰি আঁচনিৰ বিষয়ে ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰৰ কথামতেই বিধায়িকা নন্দিতা দাসে কামৰ শুভাৰম্ভ কৰাটোও ৰহস্যজনক ৷ সেয়ে স্থানীয় ৰাইজে এই সমগ্ৰ দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে দাবী জনায় ৷

ABOUT THE AUTHOR

...view details