অসম

assam

ETV Bharat / state

নগৰবেৰাত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান - নগৰবেৰা

ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী ৰমিচউদ্দিনে । ইতিমধ্যেই ৰাইজে উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰীসহ ব্যৱসায়ী ৰবিউল হকক গতাই দিয়ে টুপামাৰী আৰক্ষীক । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছ মাফিয়া ৰবিউল হকক আটক কৰিছিল আৰক্ষীয়ে । কিন্তু মুকলি হৈ অহাৰ পাচতে ৰবিউলে অঞ্চলটোত অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় ।

নগৰবেৰাৰ টুপামাৰীত ৰাইজৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : May 7, 2019, 1:02 PM IST

গোৱালপাৰা,৭ মে': নগৰবেৰাৰ টুপামাৰীত ৰাইজৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । ড্ৰাগছখিনিৰ সৈতে ৰাইজে এটা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে ৷ উল্লেখ্য যে ক্ৰমাৎ নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগৰবেৰাৰ টুপামাৰী অঞ্চল । একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা টুপামাৰী অঞ্চলত চলাই আহিছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় । স্থানীয় ৰাইজে এই ব্যৱসায়ৰ গুৰি ধৰা ৰমিচউদ্দিনৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে দুই কাৰ্টুন নিচাজাতীয় সামগ্ৰী । এই নিচাজাতীয় দ্ৰৱ্যৰ সহিতে ৰাইজে আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ৰবিউল হকক ।

নগৰবেৰাৰ টুপামাৰীত ৰাইজৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী ৰমিচউদ্দিনে । ইতিমধ্যেই ৰাইজে উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰীসহ ব্যৱসায়ী ৰবিউল হকক গতাই দিয়ে টুপামাৰী আৰক্ষীক । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছ মাফিয়া ৰবিউল হকক আটক কৰিছিল আৰক্ষীয়ে । কিন্তু মুকলি হৈ অহাৰ পাচতে ৰবিউলে অঞ্চলটোত অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় ।

ABOUT THE AUTHOR

...view details