গোৱালপাৰা, ২ জানুৱাৰী :গোৱালপাৰা জিলাৰ আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ । দীৰ্ঘদিনে বিদ্যালয়খনত নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰা বাবেই প্ৰধান শিক্ষকৰ বিৰুদ্ধে অতীষ্ঠ হৈ আজি বিদ্যালয়ৰ সন্মুখত অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰে। জিলাখনৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত আমবাৰী কৰ্তিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক শুকুৰ আলীৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র-ছাত্রীৰ অভিভাৱকসকলে ।
দীৰ্ঘদিন ধৰি বিদ্যালয়খনত নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুর্নীতি সংঘটিত কৰা প্ৰধান শিক্ষক শুকুৰ আলীক বদলিৰ দাবীত অভিভাৱকসকলে মঙলবাৰে ওলাই আহি বিদ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ যে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য পদৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰে প্ৰধান শিক্ষক শুকুৰ আলীয়ে ।