গোৱালপাৰা, জুলাই 21 : বান শিবিৰত সাহায্য প্ৰদানৰ নামত প্ৰহসন চৰকাৰৰ৷ গোৱালপাৰাৰ বান শিৱিৰত সংঘটিত হৈছে এই আজৱ ঘটনা ৷ এসপ্তাহে বানত সৰ্বস্বান্ত হৈ শিৱিৰত ভোকে-পিয়াহে ককবাকই থকা বন্যাৰ্তলৈ সাহায্য আগবঢ়ালে ৰজাঘৰীয়াই ৷ কিন্তু সাহায্যৰ নামত যে বন্যাৰ্তৰ অৱস্থাক উপলুঙা হে কৰিছে চৰকাৰে ৷ প্ৰতিজন মানুহলৈ এসাঁজত প্ৰতিজন লোকক 2 গ্ৰাম মিঠাতেল, 2 গ্ৰাম নিমখ, 50 গ্ৰাম দাইল আৰু 300 গ্ৰাম চাউল সাহায্য হিচাপে আগবঢ়ালে চৰকাৰে ৷ নগৰবেৰাৰ বহুকেইটা বান শিবিৰত সংঘটিত হৈছে এই ঘটনা ৷
বান সাহায্য প্ৰদানৰ নামত ৰজাঘৰীয়াৰ প্ৰহসন - প্ৰতিবাদ
সাহায্যৰ নামত বন্যাৰ্তৰ অৱস্থাক উপলুঙা কৰিছে চৰকাৰে ৷ প্ৰতিজন মানুহলৈ এসাঁজত প্ৰতিজন লোকক 2 গ্ৰাম মিঠাতেল, 2 গ্ৰাম নিমখ, 50 গ্ৰাম দাইল আৰু 300 গ্ৰাম চাউল সাহায্য হিচাপে আগবঢ়ালে চৰকাৰে ৷ নগৰবেৰাৰ বহুকেইটা বান শিবিৰত সংঘটিত হৈছে এই ঘটনা ৷ কম পৰিমাণে দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ প্ৰতিজন লোকক এক কিলোগ্ৰামকৈ চাউল বিতৰণ কৰিবলৈ লোৱাত প্ৰথমে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় | পৰৱৰ্তীসময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল |
উল্লেখ্য যে, বিগত এটা সপ্তাহ টুপামাৰীৰ ৰঙ্গেশ্বৰী, ভখুৰাদিয়া আৰু বদলাৰ বান শিবিৰ সমুহত অনাহাৰে অনিদ্ৰাই দুৰ্ভোগ ভুগিব লগীয়া হৈছে বন্যাৰ্তই ৷ অৱশেষত চৰকাৰে দুৰ্গতসকললৈ আংশিক সাহায্য আগবঢ়ালে যদিও এই সাহায্যই যেন জলাই তুলিলে ক্ষুধাতুৰ বন্যাৰ্তৰ ক্ষোভৰ অগনি ৷ কিয়নো যি পৰিমাণৰ সাহায্য আগঢ়োৱা হৈছে তাৰে এসাঁজ পেট পূৰাই খাবলৈও নোজোৰে বন্যাৰ্তসকলক ৷ চৰকাৰৰ ফালৰ পৰা টুপামাৰীত 6000 বানাক্ৰান্তৰ বাবে 24 কুইন্টল চাউল, 390 কিলোগ্ৰাম দাইল, 10 লিটাৰ মিঠাতেল আৰু 10 কিলোগ্ৰাম নিমখ প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ৰঙ্গেশ্বৰীত 4000 লোকৰ বাবে যোগান ধৰা হৈছে 20 কুইন্টল চাউল, 330 কিলোগ্ৰাম দাইল, 7 কিলোগ্ৰাম নিমখ আৰু 7 লিটাৰ মিঠাতেল । চৰকাৰে সাহায্য প্ৰদানৰ নামত এইদৰে বন্যাৰ্তৰ দুৰ্যোগক ভেঙুচালি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে এইসকল দুৰ্ভগীয়া ৷
আনহাতে বান সাহায্য কম পৰিমাণে দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ একাডেমী উঃ মাঃ বিদ্যালয়ত শিৱিৰ পাতি আছে প্ৰায় তেৰ শতাধিক লোকে ৷ বন্যাৰ্তসকলৰ মাজত চৰকাৰে 20 কুইন্টল চাউল, 384 কিলোগ্ৰাম মছুৰ দাইল, 108 লিটাৰ সৰিয়হৰ তেল, 115 কিলোগ্ৰাম নিমখ, 60 পেকেট মমবাতি, 30 পেকেট মহ খেদা ধূপ যোগান ধৰে | বিদ্যালয় খনত শিবিৰৰ দায়িত্বত থকা অধ্যক্ষা মীৰা দেবী আৰু আন একাংশ শিক্ষকে প্ৰতিজন লোকক এক কিলোগ্ৰামকৈ চাউল বিতৰণ কৰিবলৈ লোৱাত প্ৰথমে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় | পৰৱৰ্তীসময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল | আৰক্ষীয়ে ছাদ্দাম হুছেইন নামৰ যুৱক এজনক আটক কৰি নিয়ে যদিও শিবিৰৰ শৰণাৰ্থী সকলে ঘেৰাও কৰে বিলাসীপাৰা আৰক্ষী থানা | পৰৱৰ্তী সময়ত মহকুমা দণ্ডাধীশৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি |