গোৱালপাৰা,25 জুলাই: গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কিছুদিন আগতে গোৱালপাৰা জিলা আদালতৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উঠা গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে কেইবাটাও দল-সংগঠনে উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Demanding arrest of District Sessions Judge Sharmila Bhuyan) ।
উল্লেখ্য যে, ১৩ জুলাইত জিলা আদালতৰ অস্থায়ী কৰ্মচাৰী লোহিত দাস নামৰ এজন লোকে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নামত এখন চুইছাইড নোট লিখি ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি আত্মহত্যা কৰিছিল (Man ends life by jumping into Brahmaputra ) । আত্মহত্যাৰ পূৰ্বে চুইছাইড নোটখনত বহুদিনৰ পৰা জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাই তেওঁক মানসিক অত্যাচাৰ চলাই আহিছিল আৰু প্ৰতিটো মূহুৰ্ততে কামৰ পৰা ওলাই যাবলৈ চাপ দি আহিছিল বুলি স্পষ্টকৈ লিখা আছিল ।
যাৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লৈছিল (Suicide Case in Goalpara) । তাৰোপৰি, লোহিত দাসৰ আত্মহত্যাৰ বাবে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞা জগৰীয়া হোৱাৰ লগতে লোহিত দাসৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব সত্ৰ ন্যায়াধীশ গৰাকীয়ে ল’ব লাগিব বুলি চুইছাইড নোটত স্পষ্ট ৰূপত উল্লেখ আছিল ।