অসম

assam

By

Published : Aug 19, 2019, 6:53 PM IST

ETV Bharat / state

আছে খুটা, নাই সংযোগঃ উৎকট গৰমতো নজ্বলে লাইট, নুঘুৰে পাংখা

বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ কৈ টকা সংগ্ৰহৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । গাঁওখনত বৈদ্যুতিক খুটা পুতি যেন দায়িত্ব সামৰিলে ঠিকাদাৰে ৷ হাতে হাতে মিটাৰ লৈ প্ৰতিবাদ ৰাইজৰ

বিদ্যুৎ সংযোগৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

বিদ্যুৎ সংযোগৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

পশ্চিম গোৱালপাৰা, 19 আগষ্ট : পশ্চিম গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ ৷ বিদ্যুৎ সংযোগৰ দাবীত এই প্ৰতিবাদ চেংপাতা গাঁৱৰ ৰাইজৰ ৷ সৌভাগ্য আঁচনিৰ নামত ৰাইজক প্ৰতাৰণাৰ অভিযোগ । একোটা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ কৈ টকা সংগ্ৰহৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । উৎকট গৰমৰ সময়তো এই গাঁওখনৰ ৰাইজে আজিলৈ বৈদ্যুতিক সংযোগ লাভ কৰিবলৈ সক্ষম নহ’ল । সৌভাগ্য আঁচনিৰ জৰিয়তে ভাবিছিল এইবাৰ অন্ততঃ বিজুলীৰ পোহৰ পাব । বহু আশা কৰি বৈদ্যুতিক মিটাৰ লৈছিল । ঠিকাদাৰ তথা কোম্পানীয়ে কাম আৰম্ভও কৰিছিল । কিন্তু গাঁওখনত বৈদ্যুতিক খুটা পুতি যেন দায়িত্ব সামৰিলে । ঠিকাদাৰে নিয়োগ কৰা ৰফিকুল নামৰ লোকজনে একোটা মিটাৰৰ বাবদ সংগ্ৰহ কৰিলে এহাজাৰ কৈ টকা । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে স্থানীয় ৰাইজে চেংপাতাৰ ৰাজপথত ওলাই আহি হাতে হাতে মিটাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ABOUT THE AUTHOR

...view details